শুকুৰবাৰৰ পৰা ভাৰতত আৰম্ভ হ’ল ৰাছিয়ান স্পুটনিক-V প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। হায়দৰাবাদত প্ৰদান কৰা হ’ল ৰাছিয়ান স্পুটনিক-Vৰ প্ৰথমটো পালি।
স্পুটনিক-V ভেকচিনৰ বজাৰ মূল্য হ’ল ৯৯৫.৪০ টকা। ভাৰতত ড০ ৰেড্ডিয়ে এই ভেকচিনৰ বিপণন আৰু বিতৰণৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে।
ড০ ৰেড্ডিৰ প্ৰয়োগশালাৰ কাষ্টম ফাৰ্মা ছাৰ্ভিচেচৰ গ্ল’ৱেল হেড দীপক চাপৰাই গ্ৰহণ কৰিছে Sputnik Vৰ প্ৰথম পালি ভেকচিন।
এই ভেকচিন গ্ৰহণ কৰাৰ পিছতে তেওঁ দেশত প্ৰথম পালি বিদেশী ভেকচিন লোৱা প্রথমগৰাকী লোক হিচাপে পৰিগণিত হৈছে ।
First doses of #SputnikV administered in India. On the picture Deepak Sapra, Global Head of Custom Pharma Services at @drreddys Laboratories is getting a shot of Sputnik V in Hyderabad. ✌️ pic.twitter.com/iBbTeB2DmT
— Sputnik V (@sputnikvaccine) May 14, 2021
১৩মে’ত Central Drugs Laboratoryয়ে ভাৰতত ব্যৱহাৰৰ কাৰণে অনুমোদন জনাইছিল ৰাছিয়ান ভেকচিনৰ।
Photo: ANI