গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখত বিগত বছৰ সমুহৰ দৰে এইবেলিও খানামুখস্থিত সোণালী জয়ন্তী বৰ্ষ গৰকা শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫২ সংখ্যক শ্ৰী শ্ৰীলক্ষ্মী পূজা অনুষ্ঠিত হয়। শ্ৰী শ্ৰী লক্ষ্মী পূজা কমিটিৰ সভাপতি অনিল বৈশ্য তথা যুটীয়া সাধাৰণ সম্পাদক ধীৰাজ কলিতা আৰু ৰতন কলিতাই জানিবলৈ দিয়া মতে পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বুধূাৰে দিনৰ ১১ বজাৰ পৰা মহিলাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিহানাম প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী বিমল দাসে। প্ৰতিযোগিতাত কেবাটাও নামতী দলে অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দলৰ সন্মান লাভ কৰা পশ্চিম গুৱাহাটীৰ আগছিয়াৰ বংশীগোপাল নামতী দলক বৰদা কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ৩,০০১ টকা, দ্বিতীয় বিজয়ী দলৰ সন্মান লাভ কৰা খানামুখৰ জ্ঞানমালিনী বিকশিত নামতী দলক অমৃত ঠাকুৰীয়া সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,৫০১ টকা, তৃতীয় বিজয়ী দলৰ সন্মান লাভ কৰা জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদৰ শিৱ মন্দিৰ নামতী দলক প্ৰভাত চন্দ্ৰ কলিতা সোঁৱৰণি চলন্ত বঁটাসহ নগদ ২,০০১ টকা প্ৰদান কৰা হয়। আনহাতে শ্ৰেষ্ঠ নামতী হিচাপে সন্মান লাভ কৰা বংশী গোপাল নামতী দলৰ গীতাঞ্জলি ভূঞাক আনন্দ মহন্ত সোঁৱৰণি বঁটাসহ নগদ ১,৫০১ টকা প্ৰদান কৰা হয়। সন্ধিয়া ৫ বজাত মন্দিৰৰ বেদীত প্ৰতিমা আৰু ঘট স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । নিশা স্বৰ্গীয় নৰেশ চন্দ্ৰ ঠাকুৰীয়া আৰু সুমিত্ৰা ঠাকুৰীয়া সোঁৱৰণী সাংস্কৃতিক মঞ্চ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী দিলীপ ঠাকুৰীয়াই। নিশা ৯.৩০ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ৰাজনন্দিনী মিনি থিয়েটাৰ দলে প্ৰায় দুই হাজাৰ দৰ্শকৰ উপস্থিতিত নাট প্ৰদৰ্শন কৰে। বৃহস্পতিবাৰে পূৱা ৫ বজাত উষা কীৰ্তন, প্ৰসাদ আৰু ভোগ বিতৰণ কৰাৰ পিছত বিয়লি ৪ বজাৰ পৰা বৃহত্তৰ খানামুখ অঞ্চলৰ আটাইকেইখন খেলৰ আয়তী সকলে সমূহীয়াভাবে নাম- কীৰ্তন কৰে।