কাৰ্বি-আংলঙৰ শান্তি চুক্তি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে। এই কথা সদৰি কৰিলে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই। তেওঁ এক বিজ্ঞপ্তি ৰূপে জনায় যে,
“আমি অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে চৰকাৰৰ শান্তি প্ৰচেষ্টাক সদায় আদৰণি জনাই আহিছোঁ। কিন্তু, এইটোও লক্ষণীয় যে কেন্দ্ৰীয় বিজেপি চৰকাৰে শান্তি চুক্তিৰ ধুমধামেৰে স্বাক্ষৰ কৰে কিন্তু, ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আশা কৰা মতে ফলপ্ৰসু নকৰে। বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী কৰিছে অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে। ঘোষণা অনুসৰি ১৫০০ কোটি টকীয়া পেকেজ, ৰাজ্য চৰকাৰৰ পৰা বছৰি ২৫০ কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বছৰি ২৫০ কোটি টকীয়া পেকেজৰ আজিলৈকে বিটিআৰে কিমান টকা পালে সেয়া স্পষ্ট কৰিব লাগে। ঠিক তেনেদৰে কাৰ্বি আংলং চুক্তি কাৰ্যকৰী কৰাৰ তথ্য জনসাধাৰণৰ সন্মুখত দাঙি ধৰিব লাগে যাতে অসমৰ মানুহে এই শান্তি চুক্তি কাৰ্যকৰীকৰণৰ প্ৰকৃত ছবিখনৰ বিষয়ে অৱগত হয়।”