প্ৰতিষেধকৰ দ্বিতীয় পালি লোৱা সকলো চৰকাৰী কৰ্মচাৰীয়ে সোমবাৰৰ পৰা নিয়মিতভাৱে যাব লাগিব কাৰ্যালয়লৈ । দেওবাৰে এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা ।
এই নিৰ্দেশনা মতে চৰকাৰী কাৰ্যালয় সমূহৰ কাম-কাজ সূচাৰুকৈ পৰিচালনা কৰাৰ বাবে ক’ভিড-১৯ প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা অসম চৰকাৰৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীক ১৪ জুনৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা কাৰ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।