গুণোৎসৱৰ পাছত এইবাৰ চৰকাৰে পাতিব স্বাস্থ্য উৎসৱ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে, চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মান পৰ্যালোচনাৰ বাবে অসমত গুণোৎসৱৰ দৰে স্বাস্থ্য উৎসৱৰ আয়োজন কৰা হব। তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰ আধাৰত ৰাজ্যখনৰ চুকে-কোণে থকা প্ৰতিখন চৰকাৰী চিকিৎসালয়ৰে আন্তঃগাঁথনি, চিকিৎসাৰ সা-সুবিধা আদি বিভিন্ন দিশ সামৰি এক বিশেষ জৰীপ চলোৱা হ’ব৷
জিলাসমূহত থকা সকলো স্বাস্থ্য উপকেন্দ্ৰ, হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, আদৰ্শ চিকিৎসালয়,অসামৰিক চিকিৎসালয়ক সামৰি আগন্তুক দুমাহৰ ভিতৰতে স্বাস্থ্য উৎসৱ আয়োজন কৰা হ’ব৷ শিক্ষানুষ্ঠানসমূহৰ মূল্যায়নৰ বাবে হোৱা গুণোৎসৱৰ ধাৰণাটোৰ সৈতে কিছু ক্ষেত্ৰত মিল থকাকৈ এই স্বাস্থ্য উৎসৱ অনুষ্ঠিত কৰা হ’ব৷
উল্লেখযোগ্য যে,মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি থকা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্বাস্থ্য বিভাগৰ বাদে আন চৰকাৰী বিভাগৰ বিষয়াক লৈ গঠিত দলৰ জৰিয়তে এই স্বাস্থ্য উৎসৱৰ সময়ত চৰকাৰী চিকিৎসালয়সমূহৰ সকলো দিশ সামৰি জৰীপ কৰা হ’ব৷
এই জৰীপৰ আধাৰত চিকিৎসালয় সমূহত সেৱাৰ মান-পৰিসৰ বৃদ্ধিৰ লগতে আন্তঃগাঁথনিগত দিশতো স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব৷