ক’ভিডৰ চিকিৎসাৰ নামত ব্যক্তিগত খণ্ডৰ চিকিৎসালসমূহে ৰোগীৰ পৰা অত্যধিক মাচুল আদায় কৰাৰ অভিযোগ সঘনে উত্থাপিত হৈ আহিছে। এনে সময়তে ৰাজ্যবাসীৰ বাবে আহিছে এক ভাল খবৰ। আজি ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ মাচুলৰ নিৰিখ নিৰ্দ্ধাৰণ কৰি দিছে।
এই নিৰ্দেশনা অনুসৰি ব্যক্তিগত খণ্ডৰ সাধাৰণ চিকিৎসালয়সমূহে জেনেৰেল ৱাৰ্ডত দিনে সৰ্বাধিক মাচুল ল’ব পাৰিব ৪ হেজাৰ টকা।কেবিনৰ ক্ষেত্ৰত এই মাচুল হ’ব ৫ হেজাৰ টকা।
আনহাতে আই চি ইউ ৰ বাবদ এনে চিকিৎসালয়ে ৰোগীৰ পৰা এদিনত আদায় ল’ব পাৰিব সৰ্বাধিক ৯ হেজাৰ টকা। ভেণ্টিলেটৰসহ আই চি ইউ ৰ মাচুল হ’ব এটা দিনৰ বাবদ সৰ্বাধিক ১২ হেজাৰ টকা।
ছুপাৰ স্পেচিয়েলিটি হাস্পতালত জেনেৰেল ৱাৰ্ডৰ মাচুল হ’ব এদিনত সৰ্বাধিক ৫ হেজাৰ টকা।এনে হাস্পতালে কেবিনৰ বাবদ দিনে ৬৫০০ টকা আৰু আই চি ইউৰ বাবদ ১০ হেজাৰ টকা আদায় ল’ব পাৰিব।
এই ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভেণ্টিলেটৰসহ আই চি ইউৰ এদিনৰ মাচুল হ’ব সৰ্বাধিক ১৫ হেজাৰ টকা।ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনাই ৰাজ্যবাসীক ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত এক ডাঙৰ সকাহ দিব বুলি সৰ্বস্তৰৰ জনসাধাৰণে আশা প্ৰকাশ কৰিছে।