আজি পুৱা বিধান সভা চৌহদৰ পৰাই চুৰি হয় এখন বলেৰ’ গাড়ী। বিধানসভাৰ কাষতেই দিছপুৰ আৰক্ষী চকী আছে যদিও এতিয়ালৈ বাহনখনৰ কোনো সূংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। আনহাতে, আৰক্ষীয়ে সমগ্ৰ বিষয়টি গাপ দিয়াৰ চেষ্টা চলাইছিল যদিও পৰৱৰ্তী সময়ত পোহৰলৈ আহে সমগ্ৰ চুৰিকাণ্ডটো ।
উল্লেখ্য যে, স্মাৰ্ট আৰক্ষীৰ এয়াই প্ৰথম বিফলতা নহয়। সময়ে সময়ে আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে আৰক্ষী বিভাগৰ শক্তি বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰি অহাৰ পাছতো ৰাজ্যত হ্ৰাস হোৱা নাই অপৰাধৰ সংখ্যা।