নিউজ ডেস্কঃ শুকুৰবাৰে অনুষ্ঠিত হ’ব বাজেট অধিবেশন ৷
অনুষ্ঠিত হ’বলগীয়া এই বাজেট অধিবেশত ১৬টা ৰাজনৈতিক দলে ৰাষ্ট্ৰপতিৰ ভাষনত উপস্থিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
এই কথা প্ৰকাশ কৰে কংগ্ৰেছ দলৰ নেতা গোলাম নৱী আজাদে ।
নেতা গৰাকীয়ে কয় যে কংগ্ৰেছ দলকে মিলি মুঠ ১৬টা ৰাজনৈতিক দলে ৰাষ্ট্ৰপতিৰ ভাষনত উপস্থিত নথকাৰ সিদ্ধান্ত কৰিছো।
ইয়াৰ মুখ্য কাৰণ হৈছে বিৰোধী দলৰ সৈতে কোনো আলোচনা নকৰাকৈ তিনি কৃষি বিধেয়ক গৃহীত কৰা ।
উল্লেখ্য, এই সন্দৰ্ভত ইতিমধ্যে এক যৌথ বিবৃতি জাৰি কৰা হৈছে ৷
বিবৃতি অনুসৰি এই তিনি আইনৰ বিৰুদ্ধে এতিয়াও কৃষৰ আন্দোলন অব্যাহত ৷
যিহেতু ভাৰতৰ ৬০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। এই আইনে কৃষিৰ লগতে কৃষকলৈ কঢ়িয়াই আনিছে ভাবুকি ৷
কৃষকসকলে ঠাণ্ডা, বৰষুণ আৰু কুঁৱলীৰ মাজত ৬৪ দিন ধৰি দিল্লীৰ সীমান্ত অঞ্চলত প্ৰতিবাদ অব্যাহত ৰাখিছে ।
কৃষকৰ এই প্ৰতিবাদত এতিয়ালৈ ১৫৫ জন কৃষকে প্ৰাণ হেৰুৱাইছে।
কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰে কৃষকসকলক দিছে কন্দুৱা গেছ আৰু লাঠিৰ কোব ।
সেয়েহে ইয়াৰ প্ৰতি তীব্ৰ নিন্দা কৰা বুলি যৌথ বিবৃতিত উল্লেখ কৰিছে ৰাজনৈতিক দল সমূহে ।