উত্তৰ প্ৰদেশত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা,
হোলী উদযাপন কৰি নদীত গা ধুবলৈ গৈ চিৰদিনৰ বাবে বিদায় মাগিলে ৭ জনকৈ লোক ।
ইয়াৰ ভিতৰত ৫ যুৱক দেবৰীয়াৰ বাসিন্দা আৰু ২ জন উত্তৰ প্ৰদেশৰ ফাটেহপুৰ জিলাৰ ।
জানিব পৰা মতে হোলী উদযাপনৰ পিছতে নদীলৈ গা ধুবলৈ গৈ মৃত্যুক সাবটিছিল আটাইকেইজন লোকে।
ঘটনা সংঘটিত হোৱাৰ পিছত তাত উপস্থিত থকা নাৱিক সকলে সহায়ৰ হাত আগবঢ়াইছিল যদিও ৩ জনক বচাবলৈ সক্ষম হৈছিল আৰু ততাতৈয়াকৈ হাস্পতাললৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল।
বাকী ৪ জনক এতিয়াও বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই যদিও এতিয়াও উদ্ধাৰ অভিযান কৰি আছে আৰক্ষী প্ৰশাসনে।
Photo Credit: Google