যুদ্ধক্ষেত্ৰ ইউক্ৰেইনৰ পৰা সুকলমে গুৱাহাটী আহি পালে দুটিকৈ বিশেষে মেকুৰী।উল্লেখ্য যে, যুদ্ধবিভিষিকা চুমিত বাংকাৰত আৱদ্ধ হৈ আছিল নগৰবেৰাৰ আৰিফ মাহফুছ চিদ্দিকি, গুৱাহাটীৰ চুলটানা নিলিমা হুছেইন,মৰিগাঁওৰ আফজালুৰ ৰহমান আৰু আবুল কালাম আজাদসহ দুটা মেকুৰী।
আটাইকেইজনক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি ভাৰত চৰকাৰে দিল্লীলৈ লৈ অনাৰ পিছত সোমবাৰে বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হয় শিক্ষাৰ্থীসহ মেকুৰী দুটা। উল্লেখ্য যে অসমত ইউক্ৰেইনৰ পৰা সুকলমে জন্তু আহি পোৱা এইয়ে প্ৰথম। গুৱাহাটীৰ চুলটানা নিলিমা হুছেইন আৰু মৰিগাঁৱৰ আফজালুৰ ৰহমানৰ পোহনীয়া মেকুৰী দুটা সুকলমে অসম আহি পোৱাৰ বাবে আনন্দিত হৈছে পৰিয়াল।