১৪ জুনত অন্ত পৰিল বিদ্যালয়ৰ গৰমৰ বন্ধ।গ্ৰীষ্মকালীন বন্ধৰ পাছতো নোখোলে বিদ্যালয়।গৰম বন্ধ অন্ত পৰিলেও বিদ্যালয়লৈ আহিব নালাগে শিক্ষাৰ্থীসকল। ইতিমধ্যে শিক্ষা বিভাগৰ আয়ুক্ত সচিবে এক নিৰ্দেশনা জাৰি কৰিছে।
ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।বিদ্যালয় নোখোলা পৰ্যন্ত অসমৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
বিদ্যালয় মুকলি কৰিব পৰা অৱস্থা নোহোৱা পৰ্য্যন্ত শিক্ষকসকলে অনলাইন মাধ্যমেৰে পাঠদান প্ৰক্ৰিয়া চলাব লাগিব।