‘বানমুক্ত অসম গঢ়াৰ সংকল্প বিজেপি চৰকাৰৰ ৷ বর্তমান অসমত জল সম্পদ নহয় বিপদ হৈ আছে, ইয়াক সম্পদলৈ ৰূপান্তৰ কৰিব লাগিব ৷ বানমুক্ত হ’লেহে অসমৰ উন্নয়ন সম্ভব হ’ব ৷ অসমক বানমুক্ত কৰাটো এদিনৰ কাম নহয় ৷ সময় লাগিব৷ অহা ৫ বছৰত অসমে ইয়াৰ পৰা বহু পৰিত্রাণ পাব ৷ সোমবাৰে তিনিচুকীয়াত উপস্থিত হৈ জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাই এই মন্তব্য প্ৰদান কৰে ৷
তিনিচুকীয়াৰ গুঁইজানৰ ডিব্রু নৈয়ে কৰা প্রৱল গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ ল’বলৈ আহি গুঁইজান ঘাটস্থিত মটক ৰজা সর্বানন্দ সিংহৰ মৈদাম পৰিদর্শন কৰে ৷ মৈদামত সেৱা জনাই তেওঁ কয় যে, এই মৈদাম সংৰক্ষণ কৰাটো চৰকাৰৰ দায়িত্ব ৷ এই স্থানত ইতিপূর্বে এক অভিলাষী আঁচনি হাতত লোৱা হৈছে যদিও মৈদামৰ যি পৰিস্থিতি হৈ আছে তাৰ বাবে কাইলৈৰ পৰা অস্থায়ীভাৱে এই স্থানত গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগক তেওঁ জিঅ’ বেগ দিবলৈ নির্দেশ দিয়ে ৷
বিভাগে কাইলৈৰ পৰা ২০০ জিঅ’ বেগ এই স্থানত দি অস্থায়ীভাৱে গৰাখহনীয়া ৰোধৰ বাবে কাম কৰিব ৷ পৰৱর্তী পর্যায়ত তিনি মাহৰ ভিতৰতে স্থায়ীভাৱে গৰাখহনীয়াৰ কাম সম্পূর্ণ হ’ব ৷ সর্বানন্দ সিংহ মটক জনগোষ্ঠীৰ এগৰাকী সন্মানীয় ৰজা তথা তেওঁ নিজকে এগৰাকী গৌৰৱী অসমীয়া হিচাপে এই মৈদাম সংৰক্ষণ কৰাটো দায়িত্ব বুলি বিবেচনা কৰে ৷ মন্ত্রীজনে নতুনগাঁৱৰ গটঙত নির্মাণ হৈ থকা বহু কোটিটকীয়া পর্যটন কেন্দ্রস্থলী পৰিদর্শন কৰে ৷ এই স্থানতো গৰাখহনীয়াৰ সৃষ্টি হৈছে ৷ এই স্থানৰ গৰাখহনীয়া ৰোধৰ বাবে তেওঁ বিভাগক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈৰ নির্দেশ দিয়ে৷
তেওঁ আজি গুঁইজানৰ পৰা ডিব্রুগড়ৰ বগীবিললৈ ব্রহ্মপুত্রৰ বুকুৱেদি যাত্রা কৰি গৰাখহনীয়া অঞ্চলসমূহ পৰিদর্শন কৰে ৷ নৌকাযাত্রাৰে মন্ত্রীজনে ৰঙাগড়াত সৃষ্টি হোৱা ডিব্রু নদীৰ খহনীয়া, চাবুৱা সমষ্টিৰ বিন্ধাকটাত ব্রহ্মপুত্রৰ খহনীয়া, লাহোৱাল সমষ্টিৰ ৰহমৰীয়াৰ গৰাখহনীয়াৰ লগতে ডিব্রুগড়ৰ আৰু বগীবিলৰ কেইবাটাও খহনীয়াগ্রস্ত অঞ্চল পৰিদর্শন কৰি স্থানীয় বিধায়কসকলৰ পৰা পৰিস্থিতিৰ বুজ লয় ৷ ৰহমৰীয়াত গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে লোৱা আঁচনিত দুর্নীতি হোৱা বুলি স্থানীয় যুৱকসকলে আপত্তি দর্শায় মন্ত্রীজনক৷
মন্ত্রীজনে নাৱৰ পৰা নামি ৰহমৰীয়াৰ স্থানীয় লোকৰ লগতে যুৱকসকলৰ লগত মত বিনিময় কৰে৷ তেওঁ উল্লেখ কৰে যে যিমানেই ডাঙৰ ঠিকাদৰ নহওক লাগে তেওঁ কাম কৰা স্থানলৈ আহিবই লাগিব ৷ কোনো ছাব-কনট্ৰেক্ট দিব নোৱাৰিব ৷ ঠিকাদাৰে নিজে আহি কামৰ বুজ লোৱাৰ ফটো বিলৰ সৈতে গাঁথি দিলেহে বিল পাছ হ’ব ৷ কামত গাফিলতি কৰিলে বিভাগীয় অভিযন্তা বা ঠিকাদাৰ কোনো সাৰি যাব নোৱাৰে বুলি তেওঁ প্রতিশ্রুতি দিয়ে ৷ মন্ত্রীজনৰ এই যাত্রাকালত তেওঁৰ সৈতে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকন, মৰাণৰ বিধায়ক চক্রধৰ গগৈকে ধৰি বহু বিজেপিৰ নেতা-কর্মীৰ লগতে জলসম্পদ বিভাগৰ বিষয়া-ঠিকাদাৰ উপস্থিত থাকে ৷