কামৰূপ জিলাত অবৈধভাৱে ৰেচন কাৰ্ড ব্যৱহাৰ কৰি থকা চৰকাৰী চাকৰিয়াল আৰু পেন্সনাৰসকললৈ তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ ঘূৰাই দিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা এক জৰুৰী জাননী জাৰি কৰা হৈছে। অহা ১৫ মাৰ্চৰ ভিতৰত জিলা প্ৰশাসনৰ কাৰ্যালয়ত অবৈধ ৰেচন কাৰ্ডসমূহ জমা দিবলৈ আহ্বান জনোৱা হৈছে, অন্যথা তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি অন্যায়ভাৱে ব্যৱহাৰ কৰা চাউলৰ মূল্য তেওঁলোকৰ দৰমহাৰ পৰা কৰ্তন কৰা হ’ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে।
আনহাতে, জিলাখনৰ আৰ্থিকভাৱে স্বচ্ছল লোকলকলকো তেওঁলোকৰ নামত থকা ৰেচন কাৰ্ডসমূহ তৎকালীনভাৱে ওভতাই দিবলৈ জিলা উপায়ুক্তই আহ্বান জনাইছে। আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ স্বাৰ্থত গ্ৰহণ কৰা এই ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাই সকলোৱে জিলাখনৰ উন্নয়নত বৰঙণি যোগাব বুলিও জিলা উপায়ুক্তগৰাকীয়ে আশা প্ৰকাশ কৰে।