অসম আৰক্ষীৰ সফল অভিযান। অভিযান চলায় অপহৰণকাৰীক কৰায়ত্ত অসম আৰক্ষীৰ। দিশপুৰ আৰক্ষী থানা আৰু ক্ষেত্ৰী আৰক্ষী থানাত ৰুজু হোৱা দুটা অপহৰণৰ গোচৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযুক্তই ছোৱালীবোৰক প্ৰলোভিত কৰি অপহৰণ কৰা বুলি জানিব পৰা গৈছে।
ক্ষেত্ৰী আৰক্ষী থানাই গোচৰৰ ভিত্তিত অভিযান চলায় ভুক্তভোগী আৰু অভিযুক্তক হোজাই জিলাৰ লংকাত উদ্ধাৰ কৰে। অভিযুক্ত কেইজনৰ নাম ক্ৰমে মোঃ আমানুদ্দিন আৰু মোঃ জামালুদ্দিন।
দিশপুৰ আৰক্ষী থানাই গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই গোৱালপাৰাৰ পৰা ধুবুৰী অভিমুখী এখন বাছত ট্ৰেক কৰি অভিযুক্ত আৰু ভুক্তভোগী দুয়োপক্ষকে উদ্ধাৰ কৰে। অভিযুক্ত কেইজনৰ নাম ক্ৰমে, প্ৰশদ মাঝি, সদানন্দ মাঝি।
অভিযান এতিয়াও অব্য়াহত আছে।