DRDO ই আজি সফলতাৰে পৰৱৰ্তী প্ৰজন্মৰ পাৰমাণৱিক ক্ষমতাসম্পন্ন অগ্নি-পি বেলিষ্টিক মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰে।
আজি দিনৰ ১০ বাজি ৫৫ মিনিটত উৰিষ্যাৰ বালাচ’ৰৰ ড° এ পি জে আব্দুল কালাম দ্বীপত এই পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হয়।
এয়া হ’ল এক বেলিষ্টিক মিছাইল যি ১০০০ ৰ পৰা ২০০০ কিল’মিটাৰলৈকে দূৰত্ব ভেদ কৰিব পাৰে।ই ১০০০ কিলোগ্ৰাম ওজনৰ পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পাৰে।ই সম্পূৰ্ণভাৱে মিশ্ৰিত পদাৰ্থৰে নিৰ্মিত।পূৱ উপকূলৰ বিভিন্ন ৰাডাৰ ষ্টেচন আৰু টেলিমেট্ৰিয়ে মিছাইলটোৰ কাৰ্যকাৰিতা নিৰীক্ষণ কৰে।