যোৰহাট জিলাৰ ৰংদৈ দ’গাঁও বাসীৰ সহযোগত অনুষ্ঠিত সদৌ অসম শিশু ভাওনা সমাৰোহ দেওবাৰে সফল সমাপ্ত হয়। উল্লেখ্য যে,সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিশু ভাওনা প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ শিশু ভাওনা দলসমূহে যোগদান কৰে।
শিশুসকলে প্ৰৰ্দশন কৰা ভাওনা সমূহৰ ভিতৰত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত ভাওনা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি খিতাপ অৰ্জন কৰা টীয়ক মৰিজাঁজীৰ মনিকূট নাট্যগোষ্ঠী “ৰাম পৰাজয় সীতা পাতাল গমন” ভাওনাই প্ৰথমস্থান লাভ কৰি নগদ ধন সহ মানপত্ৰ, শ্ৰেষ্ঠ ৰূপসজা,শ্ৰেষ্ঠ পৰিচালকৰ লগতে বহু কেইটা বিচাৰকৰ বিশেষ বঁটা লাভ কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনে।
দ্বিতীয় শ্ৰেষ্ঠ দল বালিচাপৰি সস্পিতী নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰা নাটক “দানবীৰ ৰজা হৰিচন্দ্ৰ” । তৃতীয় শ্ৰেষ্ঠ দল যুগ্মভাৱে দুলীয়াজান আলোক সমম্বয় নাট্যগোষ্ঠী “বিপ্ৰদামোদৰ আখ্যান” আৰু ডুমডুমা প্ৰয়াস নাট্যগোষ্ঠীৰ “দক্ষ যজ্ঞ” । ইয়াৰ উপৰি প্ৰথম শ্ৰেষ্ঠ সূত্ৰ “সাবিত্ৰী সত্যবান” ভাওনাৰ নৈবদ্য নাথ, দ্বিতীয় সূত্ৰ কুম্ম অবতাৰৰ গৌৰৱ প্ৰতীম বৰা,তৃতীয় স্থান দান বিৰ ৰাজা হৰিচন্দ্ৰ ভাওনাৰ সূত্ৰ আয়ুস্মান শইকীয়া৷ শ্ৰেষ্ঠ ভগৱানৰ চৰিত্ৰত টীয়ক মৰিজাঁজীৰ মনিকূট নাট্যগোষ্ঠী “ৰাম পৰাজয় সীতা পাতাল গমন’’ নাটকত ৰামৰ ভাওত দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অংশুমান বৰাই প্ৰথম স্থান লাভ কৰে। ঠিক তেনেদৰে প্ৰথম শ্ৰেষ্ঠ অভিনেতা(দশৰথ) ৰংগ কিশোৰ মহন্ত৷ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা(হৰিচন্দ্ৰ) প্ৰীতম বৰা, তৃতীয় শ্ৰেষ্ঠ অভিনেতা (দক্ষ) ঋতুস্নান শইকীয়া ৷
প্ৰথম শ্ৰেষ্ঠ স্ত্ৰী চৰিত্ৰত সীতা অভিনয়ত প্ৰজ্ঞা স্পৃহা শইকীয়া,দ্বিতীয় সাবিত্ৰী চৰিত্ৰত অৰ্চিতা কৌশিক,প্ৰথম পাৰ্শ্ব পুৰুষ চৰিত্ৰ(শাল্ব) ত্ৰিৰ্নাভ শইকীয়া, দ্বিতীয় পাৰ্শ্ব পুৰুষ চৰিত্ৰত (লক্ষণ) অভিলাষ অনুভৱ নাথ, তৃতীয় স্ত্ৰী চৰিত্ৰত (অন্ধা)গুনগুন গগৈ৷ শ্ৰেষ্ঠ গায়ন দানবিৰ ৰাজা হৰিচন্দ্ৰ ভাওনাৰ ঋষিৰাজ বৰা৷ শ্ৰেষ্ঠ দোহাৰ আৰু গায়ন বায়নত সাম্প্ৰতি নাট্যগোষ্ঠী ৷ শ্ৰেষ্ঠ মুখা চৰিত্ৰত (হাতী) কুম্ম অৱতাৰ ৷
ইপিনে,বিচাৰকৰ বিশেষ বটা হিচাপে বলী-কূম্ম অৱতাৰ, সত্যবান (ডাঙৰ) সাবিত্ৰী সত্যবান ভাওনাৰ, ইন্দ্ৰ বিপ্ৰ দামোদৰ আখ্যান ভাওনাৰ, বামুন দানবিৰ ৰাজা হৰিচন্দ্ৰ ভাওনাৰ,১ম প্ৰজা ২য় প্ৰজা সিন্ধুমুনি পিতৃ ভক্তি ভাওনাৰ, ৰজক আৰু ৰাজকিনী ৰাম পৰাজয় ভাওনা, লৱ কুশ শ্ৰীৰাম পৰাজয় ভাওনা আৰু সিন্ধু মুনি – সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্বাৰ ভাওনা৷ এই সকলক নিৰ্বাচন কৰাৰক্ষেত্ৰত মুখ্য বিচাৰক জৰ্নাদন ভূঞা সহ ত্ৰিলোক বৰা,মুকুন্দ কলিতা, নিলমনি বৰা, অজিত কুমাৰ বৰা আৰু নৃপেন শইকীয়াই বিচাৰকৰ দৰে গুৰুত্ব পূৰ্ণ দায়িত্ব পালন কৰি মহাপুৰুষ দুজনাই সৃষ্টি কৰা ভাওনাৰ ওপৰত সুন্দৰ বক্তব্য ৰখাৰ লগতে ভাওনা জগতত ভৰি দিয়া নৱ শিশু শিল্পীসকলে মন কৰিব লগীয়া বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। বঁটা বিতৰণী সভাৰ পৰিসমাপ্তিত দ্বিতীয় বৈকুণ্ঠপুৰিত পৰিনত হোৱা ভাওনা সমাৰোত বিভিন্ন প্ৰকাৰে সহযোগ আগবঢ়োৱা সকলোকে কৃতজ্ঞতা স্বীকাৰ কৰি ধন্যবাদজ্ঞাপন কৰে উদযাপন সমিতিয়ে।