বেহাৰবাৰীৰ কেৰাকুছিত তিনিমহলীয়া অট্টালিকাৰ ছাদৰ পৰা এগৰাকী ১৪(!) বছৰীয়া কিশোৰীয়ে আত্মহত্যাৰ(!) উদ্দেশ্যেৰে জাপ মাৰে। কিশোৰীগৰাকীক বৰ্তমান সংকটজনক অৱস্থাত হেল্থ চিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কেনেধৰণৰ পৰিস্থিতিত কিশোৰীগৰাকী ছাদৰ পৰা পৰিল বা জঁপিয়ালে, সেয়া আৰক্ষীৰ তদন্ততহে গম পোৱা যাব।
উল্লেখ্য যে, কিশোৰীগৰাকী বাস কৰা এপাৰ্টমেণ্টটোত কেৱল g+2 পাৰ্মিচন আছিল! কিন্তু ছাদৰ ওপৰত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰাৰ সন্দেহ কৰিছে সচেতন মহলে। বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত বিতং তথ্য পোৱা নাই।