সোণকনৰ ডায়েৰি (খণ্ড- ১)
এটা ধুনীয়া ৰাতিপুৱা। বিহুৰ শেষ হৈছেহে মাত্ৰ । সেয়ে দুৰৈত কুলিৰ সুৰীয়া মাতটো এতিয়াও ভাহি আছে। সোনমইনাই শুৱাপাটিৰ পৰা উঠি মুখ হাত ধুইছে। মুখ দুই আধা হওতেই বাবনে চিঞৰি মাতিলে, অই সোণকন ঢোলটো লৈ আহ, মনাইহতঁৰ মোমায়েক আহিছে আমাক সিপাৰৰ গাঁওলৈ নিব, বেগাই যাব দিছে।
এই কথা শুনি সোণটি ততাতৈয়াকৈ ঢোলটো লৈ ধপলিয়াই গ’ল। ইপিনে মাকে বাৰীৰ পিছফালৰ পৰা চিঞৰিলে, সোণ তই আজিও ভাত নোখোৱাকৈ গৈছ নহয় ৰ, তোক আহিবি আজি ঘৰলে সন্ধিয়া।
নাই ক’ত মাকৰ কথা শুনিব, চুবুৰীৰ মনি, লিলি, অলি, বগা, নন্দা, পাপৰি ধ্ৰুৱ, মিচি, গুন ৰাকু গোটেই খিনি মিলি মনাইহঁতৰ তাত গোট খালে। মনাইৰ মোমায়েকে গোটেইকেইটাকে নাওঁত উঠাই দগাঁওলৈকে লৈ গ’ল। ফুৰ্টিত ক’ব নোৱাৰা হৈ গোটেই খিনিয়ে বিহু মাৰি মাৰি কেতিয়া যে, আবেলি হ’ল গমেই নাপালে। তেনেতে মোমায়েকে ক’লে সন্ধিয়া লগা হোৱাৰ আগে আগে উভতিব লাগিব নহলে নাওঁ নাপাম।
সকলোৱে উভতি ঘৰা ঘৰি গ’ল। সোণকনৰ মাকৰো খঙতো কমিছিল।
পিৰালীত ঢোলটো থোৱা শুনি মাকে কলে আহিলি? হাত -মুখ ধুই ভাত কেইটা খাই ল, পুৱাৰে পৰা খবৰ নাই দেউতাৰে বিচাৰি ফুৰিছে।
অ মা মনাইৰ মোমায়েকে যে আমাক নাওঁত উঠালে আমি যি ভয় খালো প্ৰথমে বৰষুন আহো আহো কৰিছিল। নৈয়েতে থাকিব লাগিব বুলি ভাবিছিলো নহয় ইমান ভয় খালো।
তেনেতে মাকে কলে হ’ব এতিয়া সাধুকথা মাতিব নালাগে তৎক্ষণাত ভাত কেইটা খা আৰু শুই থাকগৈ, দেউতাৰৰ আহোতে পলম হ’ব বিনি বাইৰ বিয়ালৈ গৈছে, বিয়া শেষ কৰিহে অহিব। দেউতাই দলিৰে কেনেকৈ আহিব বাক আছে দেখোন!
সোনকনে শুৱাৰ আগে তাৰ ডায়েৰিখনত লিখিলে…..
( ডায়েৰিত কি লিখিলে সোনকনে? দেউতাক বিয়ালৈ যে গৈছিল আহি পাব নে? বাটত কিবা অঘটন নহয়টো? জানিবলৈ অহা খণ্ডত পঢ়িবলৈ আৰু শুনিবলৈ নাপাহৰিব চেংকন।)
ইতি তোমালোকৰ,
মৌ মাহী