গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তবৰ্তী ৰাণী শুকুৰবৰীয়াৰ পৰা কিছু নিলগৰ জাতি – জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ মেঘালয়ৰ ৰি – ভয় জিলাৰ জিৰাং সমষ্টিৰ অন্তৰ্গত পাথাৰখামাৰ উমচাও বাৰেগাঁওত যুগ যুগ ধৰি বাস কৰি অহা ৰাভা জনগোষ্ঠীয়ৰ লোকসকলে মেঘালয়ত থাকিলেও পাহৰি যোৱা নাই নিজৰ পৰম্পৰা, কৃষ্টি – সংস্কৃতি। ১৯১০ চনৰ পৰা বাৰেগাঁওত পালন কৰি অহা এই সুঁৱৰি উৎসৱে অঞ্চলটোত বাস কৰি অহা সকলো জাতি – জনগোষ্ঠীৰ লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীদাল অধিক সুদৃঢ় কৰি আহিছে।
আনহাতে বিগত বছৰৰ দৰে এইবেলিও যোৱা ২৪ এপ্ৰিলত পাথাৰখামাৰ উমচাও বাৰেগাঁওৰ খেতিপথাৰত ৰাইজৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে সুঁৱৰি উৎসৱ পালন কৰা হয়। তেনেদৰে উমচাও বাৰেগাঁও ৰাইজ গয়ৰহৰ সভাপতি সুৰেণ ৰাভা আৰু সম্পাদক ভাদেশ্বৰ ৰাভাই জানিবলৈ দিয়া মতে উৎসৱৰ লগত সংগতি ৰাখি আন আন কাৰ্যসূচীৰ লগতে ৰাভা জনগোষ্ঠীৰ বগেজাৰী নৃত্য আৰু বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও অঞ্চলটোৰ উমচাও বাৰেগাঁওৰ নামঘৰৰৰ পৰা এক আকৰ্ষণীয় শোভাযাত্ৰাৰে গোঁসাই লৈ আহি সুঁৱৰি উৎসৱত স্থাপন কৰা হয় । বিয়লি সুঁৱৰি উৎসৱৰ অন্তত নামঘৰত উপস্থিত সকলোৰে মাজত প্ৰসাদ আৰু লাৰু বিতৰণ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰে এইবেলিৰ সুঁৱৰি উৎসৱৰ কাৰ্যসূচীৰ সামৰণি পৰে।