তিনিচুকীয়াত দুৰ্নীতি নিবাৰক শাখা দলৰ অভিযান।
এইবাৰ জালত পৰিল আবকাৰী অধীক্ষক মানসজ্যোতি দাস। উৎকোচ লৈ থকাৰ সময়তে হাতে-লোটে ধৰা পৰিল আবকাৰী অধীক্ষকজন।
কাৰ্যালয়ৰ ভিতৰতে জেৰা চলাই আছে দুৰ্নীতি নিৰ্বাৰক শাখাই।
অধীক্ষকজনৰ হৈ ধন সংগ্ৰহ কৰিছিল অৰ্জুন বাচফৰ নামৰ যুৱকজনে। মাৰাথন জেৰাৰ সন্মুখীন হৈছে দুয়োজন লোক।
Photo: Headline8