আজি উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিলে গণৰাজ্য দিৱসত হিংসাত্মক ঘটনা সংঘটিত কৰা দ্বীপ সিন্ধুক।
চলিত বৰ্ষৰ ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা দ্বীপ সিন্ধুৱে লালকিল্লাত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ৰাষ্ট্রীয় পতাকাক অপমান কৰা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
অৱশেষত আজি জামিন প্ৰদান কৰাৰ লগতে ৩০ হাজাৰ টকাৰ জৰিমনা বিহিলে দ্বীপ সিন্ধুক।
উক্ত ঘটনাৰ পিছত দিল্লী আৰক্ষীয়ে জনাইছিল যে গণৰাজ্য দিৱসত বেআইনী ভাবে প্ৰতিবাদ অনুষ্ঠিত কৰা,
মুখ্য ভূমিকা লোৱাৰ উপৰিও হিংসাত্মক ঘটনা তথা ৰাষ্ট্ৰীয় পতাকাৰ অপমান কৰিছিল।
আনহাতে আজি সিন্ধুৰ অধিবক্তাই ন্যায়ালয়ত জনাই যে প্রতিবাদী কার্যসূচীত উপস্থিত থাকিলে এজন ব্যক্তিক দোষী সাব্যস্ত কৰিব নোৱাৰি।
Photo Credit: Google