সোমবাৰে উচ্চতম ন্যায়ালয়ে কোৰান শ্বৰীফৰ দফাৰ বিৰুদ্ধে দাখিল কৰা আৱেদন খাৰিজ কৰিলে।
ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে আৱেদনকাৰী বছীম ৰিজবীৰ ওপৰত ৫০ হাজাৰৰ জৰিমনা লগোৱাই।
উত্তৰ প্ৰদেশ ছিয়া চেণ্ট্ৰেল ৱাকফ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ বছীম ৰিজবীয়ে কোৰানৰ ২৬টা দফা আঁতৰোৱাক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আৱেদন।
সোমবাৰে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ আৰ এফ নৰীমনৰ নেতৃত্বৰ পীঠে এই আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে।
ইয়াৰ পিছত আদালতে কোৰানৰ দফাৰ বিৰুদ্ধে দাখিল কৰা আৱেদন খাৰিজ কৰে।
ইয়াৰ লগতে আদালতে ৫০ হাজাৰ টকাৰো জৰিমনাও লগোবাই।
শুনানিৰ সময়ছোৱাত আৱেদনকাৰীৰ অধিবক্তাগৰাকীয়ে ক’লে যে, মই এই SLPৰ বিষয়ে সকলো জানো।
অধিবক্তাগৰাকীয়ে ক’লে যে, মাদ্ৰাছাত এই দফাসমূহ পঢ়োৱা হয়, ছাত্ৰসকলক মিছগাইড কৰোৱা হয়। এই দফাসমূহ পঢ়াই বা বুজাই আন্তঃৰাষ্ট্ৰীয় স্তৰত সন্ত্ৰাসবাদীক জন্ম দিয়া হয়।
Photo: Google