ভাৰতত ক’ৰোনা সংক্ৰমণে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে জনাই যে ক’ৰোনা ভাইৰাছৰ তৃতীয় ঢৌৰ বাবে সাজু থাকিব লাগিব ভাৰতে।
এই তৃতীয় ঢৌ অধিক ক্ষতিকাৰক হ’ব পাৰে দেশবাসীৰ বাবে।
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক স্বাস্থ্য বিশেষজ্ঞই সতৰ্কবাণী প্ৰদান কৰিছে।
ক’ৰোনা ভাইৰাছৰ তৃতীয় সংক্ৰমণত শিশু সকল অধিক আক্ৰান্ত হোৱাৰ আশংকা আছে।
সেয়ে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক অক্সিজেন ষ্টক বৃদ্ধি আৰু জৰুৰীকালীন সামগ্ৰীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
Photo Credit : Google