বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে জম্মুত ৰাখি থোৱা ৰহিংগীয়াসকলক লৈ দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰে।
আদালতে ক’লে যে, জম্মুত জিম্মাত লোৱা ৰহিংগীয়াসকলৰ মুকলি নহ’ব।
লগতে এইসকল লোকক পুনৰ ম্যানমাৰ প্ৰেৰণ কৰাক লৈ সৰ্বোচ্চ আদালতে ক’লে যে,
আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে এওঁলোকক পুনৰ ঘূৰাই পঠাব পাৰিব।
উল্লেখ্য জম্মুত ১৬৮ ৰহিংগীয়াক জিম্মাত ৰখা হৈছে।
আদালতে ক’লে যে, এওঁলোকক মুকলি কৰা নহ’ব আৰু এওঁলোক হ’ল্ডিং চেণ্টাৰতে থাকিব আৰু আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে এওঁলোকক পঠোৱা হ’ব।
ইয়াৰ অৰ্থ হ’ল যে, এইসকল লোকক তেতিয়াহে পঠোৱা হ’ব যেতিয়া ম্যানমাৰে নিজৰ নাগৰিক হিচাপে স্বীকাৰ কৰি লোৱাত অনুমতি প্ৰদান কৰে।
মুখ্য ন্যায়াধীশ এছএ বোবডে আৰু ন্যায়াধীশ এএছ বোপন্না তথা বি ৰামসুব্ৰমনিয়মৰ পীঠে দাখিল কৰা অন্তৱৰ্তীকালীন আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে।
Supreme Court pronounces order on a plea against detention of around 170 Rohingyas in Jammu last month & their possible deportation. CJI says that the Rohingyas shall not be deported unless a procedure for such deportation is followed; disposes off appeals filed in the case. pic.twitter.com/5TIfGajmAe
— ANI (@ANI) April 8, 2021
আৱেদনৰ শুনানি ২৬ মাৰ্চত সম্পূৰ্ণ হয়।
কেন্দ্ৰই আৱেদনৰ বিৰোধিতা কৰি কয় যে ভাৰত অবৈধ প্ৰৱাসীৰ ৰাজধানী হ’ব নোৱাৰে।
আৱেদনকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণে ক’লে যে,
ৰহিংগীয়া শিশুসকলক হত্যা কৰি দিয়া হয় আৰু তেওঁলোক যৌন উৎপীড়নৰ সন্মুখীন হ’বলগীয়া হয়।
Photo: Google