গেট ২০২২ (GATE) পৰীক্ষা সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত সম্পন্ন হৈছে শুনানি। ন্যায়ালয়ে গেট পৰীক্ষাৰ তাৰিখ পিচুওৱা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। আইআইটি খৰগপুৰে ক’ৰনাসৃষ্ট পৰিৱেশৰ বাবে এই পৰীক্ষা পিচুৱাবলৈ আৱেদন দাখিল কৰিছিল যদিও অৱশেষত উচ্চতম ন্যায়ালয়ে এই পৰীক্ষা স্থগিত নহয় বুলি ঘোষণা কৰে।
উল্লেখযোগ্য যে,৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব গেট ২০২২ পৰীক্ষা। ৫, ৬ ফেব্ৰুৱাৰী, ২০২২ ত অনুষ্ঠিত হ’ব এই পৰীক্ষা। ইফালে, আইআইটি খৰগপুৰে ইতিমধ্যে ট্ৰেভেল পাছ পৰীক্ষাৰ্থীসকলৰ বাবে উপলব্ধ কৰিছে যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব নালাগে।