আজি শনিবাৰ। শনিবাৰৰ দিনটোৰ এখন বিশেষ আলোকচিত্ৰই আপোনাকো ভাবিবলৈ বাধ্য কৰাব যে আচলতে বিৰোধী দল কংগ্ৰেছে দিছপুৰত কৰি আছিল কি?
ওপৰত বেৰিকেডত কংগ্ৰেছ সাংসদ আৰু তলত এগৰাকী প্ৰাক্তন মন্ত্ৰী।
প্ৰতিবাদ কি ইমানেই তীব্ৰতৰ আছিল নেকি যে, তেওঁলোকৰ এই প্ৰতিবাদৰ এখন আলোকচিত্ৰই আপোনাকো এবাৰ হাঁহিবলৈ বাধ্য কৰাব।
প্ৰায়ে আমি প্ৰত্যক্ষ কৰো যে যেতিয়াই কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তেতিয়াই কংগ্ৰেছৰ কৰ্মীসকলক প্ৰতিবাদস্থলীত কম, বেৰিকেডৰ ওপৰত অধিক দেখা পোৱা যায়।
আৰক্ষীয়ে বেৰিকেড দিয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ কিন্তু এইসকলে বেৰিকেডৰ ওপৰেৰে পাৰ হৈ হ’লেও প্ৰতিবাদ কৰিবটো কৰিবয়ে।
আমি ওপৰত উল্লেখ কৰিছো এখন ফটোৰ কথা য’ত স্পষ্টভাৱে দেখা পোৱা গৈছে যে,
ওপৰৰ বেৰিকেডত কংগ্ৰেছ সাংসদ সুস্মিতা দেৱ আৰু ঠিক তলেৰে পাৰ হ’বলৈ চেষ্টা কৰা দেখা গৈছে বিস্মিতা গগৈক।
প্ৰতিবাদে ইমানেই তীব্ৰ আছিল যে কোন, ক’ত আৰু কেনেদৰে গৈ আছে।
ওপৰেৰে হওক বা তলেৰে হওক মুঠতে প্ৰতিবাদ কৰিব লাগে আগলৈ যাব লাগে।
দৰাচলতে শনিবাৰে মহানগৰীৰ দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত EVM প্ৰসংগক লৈ বিৰোধী দল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
বিজেপিৰ প্ৰাৰ্থীৰ পত্নীৰ গাড়ীত EVM মেচিন পোৱাক লৈ কংগ্ৰেছ প্ৰতিবাদ সাব্যস্ত কৰিছিল।
দিছপুৰৰ মানৱেন্দ্ৰ কমপ্লেক্সত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে।
Photo: Headline8