কেন্দ্ৰৰ তিনি কৃষি আইনৰ বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰচণ্ড শীতকো আওকাণ কৰি দেশৰ হাজাৰ হাজাৰ কৃষকে প্ৰায় দুমাহ ধৰি আন্দোলন কৰি আহিছে।
উল্লেখযোগ্য যে এই আন্দোলন বৰ্তমান সমগ্ৰ বিশ্বতে বিশেষ চৰ্চা লাভ কৰিছে ৷
এই আন্দোলনকাৰী কৃষকসকলক পাকিস্তানৰ পৰা পৰিচালিত হোৱা বুলি এক অভিযোগ উত্থাপন কৰিছে ভাৰত চৰকাৰে।
জানিব পৰা মতে সহস্ৰাধিক টুইটাৰ একাউণ্টৰ জৰিয়তে উচটনি কৃষক আৰু অধিক ভুৱা বাৰ্তা প্ৰেৰণ কৰি বিপথে পৰিচালিত কৰি আছে ৷
সেয়েহে কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনৰ সমৰ্থনত লিখা ১,২০০ টা টুইটাৰ একাউন্ট বন্ধ কৰিবলৈ টুইটাৰক নিৰ্দেশ দিছে।
উল্লেখ্য, ভাৰতৰ ভিন্ন প্ৰান্তৰ এই একাউন্টসমূহক খালিস্তানৰ সমৰ্থক বুলি সন্দেহ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে এই একাউন্টসমূহে সামাজিক ঐক্য আৰু সংহতিত ব্যাঘাত জন্মাব বুলিও মত প্ৰকাশ কৰিছে৷
https://headline8.in/as/in-news/suspends-over-250-accounts-from-its-platform/
ইয়াৰ পূৰ্বেও কেন্দ্ৰৰ নিৰ্দেশ ২৫০টা টুইটাৰ একাউণ্ট বন্ধ কৰি দিছিল টুইটাৰে।