কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে পুনৰ ২৫০টা টুইটাৰ একাউন্ট বন্ধ কৰিছে ৷
উল্লেখযোগ্য যে, গণতন্ত্ৰ দিৱসৰ দিনাখন দেশৰ ৰাজধানীত তিনি কৃষি আইনৰ বাতিলৰ দাবীত কৃষকে কৰা হিংসাত্মক কাৰ্য-কলাপৰ বাবে এচামে সামাজিক মাধ্যমত ভূৱা বাতৰি প্ৰচাৰ কৰিছিল ৷
যাৰ বাবে সামাজিক মাধ্যম টুইটাৰত হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকা ভূৱা বাতৰি প্ৰচাৰ, উত্তেজনা সৃষ্টি কৰিব খোজা ৫৫০টা টুইটাৰ একাউণ্ট বন্ধ কৰি দিছিল ৷
ইয়াৰোপৰি টুইটাৰৰ মুখপাত্ৰ এগৰাকীয়ে এইবুলিও ঘোষণা কৰিছিল যে, প্ৰযুক্তি আৰু মানুহৰ পৰ্যালোচনাৰ ওপৰত বৰ্তমান সময়ত পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হ’ব ৷
সেয়েহে সোমবাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি পুনৰ ২৫০টা টুইটাৰ একাউন্ট বন্ধ কৰিছে ৷
উল্লেখ্য, এই ব্লক কৰা টুইটাৰ একাউণ্ট কেইটাৰ বিৰুদ্ধে কৃষক আন্দোলনক লৈ ভুৱা খবৰ বিয়পোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ।