সম্পূর্ণ স্বচ্ছতা হল “স্বচ্ছ ভাৰত অভিযান”ৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য। এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ অনাময় কৰ্মচাৰী সকলৰ বৰ্দ্ধিত মনোনিবেশ আৰু সমৰ্থৰ ওপৰত। গ্ৰাম্য অঞ্চলৰ অনাময় কৰ্মীসকলক শক্তিশালী কৰিবলৈ আৰু সক্ষম পৰিবেশ সৃষ্টি কৰিবলৈ অসম পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে UNICEF সহযোগিতাত ২৬ জুলাইৰ পৰা ২৮ জুলাইলৈ মাষ্টাৰ প্ৰশিক্ষক সকলৰ প্ৰথমলানি ধাৰাবাহিক প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয় আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান চমুকৈ SIRD চৌহদত। অসমৰ মূল বিভাগ সমূহ যেনে, জনস্বাস্থ্য অভিযান্ত্রিক বিভাগ, সর্বশিক্ষা অভিযান, অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযান, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, গুৱাহাটী পৌৰ নিগম আৰু নাগৰিক সমাজৰ সংগঠনৰ ২০০ জন প্রতিনিধিক চাৰিটা শাৰি কৰি প্ৰশিখনো দিয়াৰ আয়োজন কৰা হয়।
এই কাৰ্যসূচীত ৫৫ জন প্রতিনিধিয়ে সক্রিয় অংশ গ্ৰহণ কৰে। ব্যক্তিগত “লেতেৰা পানী পৰিষ্কাৰ কৰা সেৱা প্ৰদানকাৰী সকলো এই প্ৰশিক্ষণৰ অংশীদাৰ আছিল। এই প্ৰশিক্ষণৰ লক্ষ্য হল- এখন ৰাজ্যৰ অনাময় কৰ্মীৰ বাবে ফলপ্রসূ প্রশিক্ষন চলাবলৈ সজ্জিত মাষ্টাৰ প্ৰশিক্ষণৰ নিচিনা উমৈহতীয়া সম্পদ গঢ়ি তোলা