প্ৰবল উৎকণ্ঠা আৰু জল্পনা কল্পনা চলি থকাৰ সময়তে শনিবাৰে নৱ নিৰ্বাচিত ঠেঙাল স্বায়ত্ত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠিত হয়। দিনৰ প্ৰায় ১১ বজাত মৰিধলিত থকা পৰিষদৰ কাৰ্যালয়ৰ কৃষ্ণচূড়া উদ্যানৰ মুকলি মঞ্চত এই শপত গ্ৰহণ আৰু সাধাৰণ সভা অনুষ্ঠান অনুষ্ঠিত হয়।
মাধপুৰ সমষ্টিৰ প্ৰতাপ কছাৰীয়ে মুখ্য কাৰ্যবাহী সদস্য শপত গ্ৰহণ কৰাৰ বিপৰীতে লখিমপুৰৰ কেশৰাম বৰাই উপ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে। এই পৰিষদৰ সদস্যসকল শপত বাক্য পাঠ কৰোৱাই যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। উল্লেখ্য যে, বিজেপিৰ শীৰ্ষ নেতৃত্বতই তিনিবাৰকৈ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্ব পালন কৰা কুমুদ কছাৰীক আঁতৰাই পূৰ্বৰ উপ-মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰীক দায়িত্ব দিছে।
ঠেঙাল স্বায়ত্ত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, নৱ কুমাৰ দলে, সাংসদ তপন কুমাৰ গগৈ আৰু তিতাবৰৰ বিধায়ক। উল্লেখযোগ্য যে ২২ আসন যুক্ত ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁট দলে সংখ্যা গৰিষ্ঠতা লাভ কৰা পিছত পৰিষদখনৰ মুখ্য কাৰ্যবাহী পদক লৈ দলৰ ভিতৰ চৰাত সংঘাত সৃষ্টি হোৱাৰ ফলত বিজেপি শীৰ্ষ নেতৃত্বই মুখ্য কাৰ্যবাহীৰ নাম শপত গ্ৰহণৰ সময়লৈকে গোপনে ৰাখিছিল।