শেহতীয়াকৈ ত্ৰিপুৰাৰ এখন গাহৰিৰ ফাৰ্মত ধৰা পৰিছে ছোৱাইন ফ্লুৰ অৱস্থিতি ৷ চেপাহিজালা জিলাৰ অন্তৰ্গত দেৱীপুৰত থকা পশুধন উন্নয়ন বিভাগৰ অধীনষ্ঠ এখন ফাৰ্মত থকা গাহৰিবোৰৰ মাজত ধৰা পৰিছে এই ৰোগ ৷ইয়াৰ পিছতে সতৰ্কতা জাৰি কৰিছে ত্ৰিপুৰা চৰকাৰে ৷
এক সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, বিগত ৭ এপ্ৰিলত উত্তৰ-পূৱ আঞ্চলিক ৰোগ নিৰ্ণয়কাৰী গৱেষণাগাৰলৈ তিনিটাকৈ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷ ১৩ এপ্ৰিলত লাভ কৰা এই পৰীক্ষাৰ ফলাফলত ফাৰ্মখনৰ গাহৰিবোৰৰ মাজত ছোৱাইন ফ্লু-ৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰোপৰি ভূপালৰ পৰা আহিবলগীয়া এক অন্য পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰি আছে ফাৰ্মখনৰ কৰ্তৃপক্ষই ৷ইয়াৰ লগতে সূত্ৰটোৱে আৰু জনাইছিল যে, বিভাগটোৱে দহজন লোকক লৈ দুটা সঁহাৰি দল গঠন কৰিছে ৷ এই দল দুটাক নেতৃত্ব প্ৰদান কৰিব এগৰাকী পশু চিকিৎসা বিষয়াই ৷ তদুপৰি পোনপটীয়াকৈ ন’ডেল বিষয়াৰ পেনেলৰ প্ৰতিবেদন দাখিল কৰিব দল দুটাই ৷
উল্লেখ্য যে, শীৰ্ষ কৰ্তৃপক্ষৰ পৰা নিৰ্দেশ লাভ কৰাৰ পিছতে এই বিষয়ত ল’বলগীয়া সাৱধানতাৰ লগতে অন্যান্য যাৱতীয় সকলো প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব ৷ বিগত কিছুদিন পূৰ্বে কোনো অচিনাক্ত কাৰণত ফাৰ্মখনৰ ৬৩ টাকৈ গাহৰিৰ মৃত্যু ঘটিছিল ৷ যাৰ পৰাই ফাৰ্ম কৰ্তৃপক্ষ শংকিত হৈ পৰিছিল ৷