উদালীত চিকিৎসক সেউজ সেনাপতিৰ ওপৰত চলা অকথ্য শাৰীৰিক নিৰ্যাতনৰ প্ৰতিবাদত আজি কৰ্মক্ষেত্ৰলৈ হাতত লাঠি লৈ আহি প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক দিগন্ত বৰাই।
চিকিৎসালয়ৰ নিজৰ আসনৰ কাষত লাঠি ডাল ৰাখিয়েই ৰোগীক চিকিৎসা সেৱাও আগবঢ়াই চিকিৎসক গৰাকীয়ে।
আনহাতে ঘটনাৰ সবিশেষ জানিবলৈ কাষ চপা সংবাদ মাধ্যমৰ সন্মুখতো চিকিৎসক দিগন্ত বৰা সৰৱ হৈ পৰে চিকিৎসক আৰু স্বাস্থ্যকমীৰ নিৰাপত্তাৰ প্ৰশ্নক লৈ।
উল্লেখ্য যে শেহতীয়াভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত স্বাস্থ্যকৰ্মীৰ ওপৰত চলা বৰ্ধিত আক্ৰমণৰ ঘটনাই সচেতন মহলক চিন্তিত কৰি তোলাৰ লগতে স্বাস্থ্যকৰ্মীৰ নিৰপত্তাৰ সমগ্ৰ বিষয়টোক লৈ বৃহৎ প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিছে।