ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত এক কাৰ্যকৰী পদ্ধতি হৈছে সৰহসংখ্যক লোকক ছিটা প্ৰদান।পিছে আজিও ছিটা গ্ৰহণৰ বাবে বহু লোক অনিচ্ছুক।
এয়া অকল আমাৰ দেশৰেই বাস্তৱ সত্য নহয়, এয়া সত্য অতি উন্নত দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰতো।পিছে দেশখনৰ নাগৰিক যদি ডালে ডালে, ৰাষ্ট্ৰপতি জ’ বাইডেন তেন্তে পাতে পাতে।
এইবাৰ দেশৰ নাগৰিকক ছিটা গ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ তেওঁ আগবঢ়াইছে এক অভিনৱ ঘোষণা।ঘোষণা অনুসৰি,ছিটা লোৱা লোকসকলক দেশখনৰ চৰকাৰে দিব বিনামূলীয়া বিয়েৰ।
এই আঁচনি বিয়েৰ উৎপাদনকাৰী কোম্পানী আনহিউচাৰ- বাসৰ সৈতে হোৱা চুক্তি অনুসৰি গ্ৰহণ কৰিছে দেশখনৰ চৰকাৰে।ইতিমধ্যেই ছিটা ল’লে বিনামূলীয়াকৈ বিয়েৰ প্ৰদান কৰাৰ এই অভিনৱ আঁচনিখনক বাইডেন চৰকাৰে মাহটোৰ কাৰ্যৰ অন্তৰ্ভুক্ত কৰি লৈছে।