তামিলনাডুত সংঘটিত হৈছে এই ঘটনা।
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে তামিলনাডুৰ বেলাচেৰী বিধানসভা সমষ্টিত মঙ্গলবাৰে সন্ধিয়া
দুজন নিৰ্বাচনী বিষয়াই ভোটকেন্দ্ৰৰ পৰা ইভিএম মেছিন ষ্ট্ৰং ৰুমলৈ লৈ গৈছিল স্কুটীৰে।
তাৰ পিছতে আদবাটতে বিষয়া দুজনক ৰাইজে উভতি ধৰি জব্দ কৰে ইভিএম মেছিন আৰু অভিযোগ দাখিল কৰে প্ৰশাসনক।
লগে লগে উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় ঘটনাস্থলীত।
জানিব পৰা অনুসৰি নিৰ্বাচনী আয়োগে বিষয়া দুজনলৈ এক জাননী প্ৰেৰণ কৰিছে আৰু প্ৰশাসনক এই সন্দৰ্ভত তদন্ত কৰি সঠিক কাৰণ দৰ্খাবলৈ আদেশ জাৰি কৰিছে।
ঘটনা সংঘটিত হোৱাৰ পিছতে তামিলনাডুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।
Photo Credit: Google