তামিলনাডুত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে আৰু প্ৰাৰ্থীসকলে বহু বস্তু বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি দি আছে ৰাইজক।
কেইবাটাও দলে জয়ী হোৱাৰ পিছত ৰাইজক সোণ, মোবাইল ফোন, টিভি, ফেন, মিক্সাৰ গ্ৰিণ্ডাৰ, ৱাশ্বিং মেছিন, গেছ চিলিণ্ডাৰ আৰু ছোলাৰ কুলাৰ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
ইয়াৰ মাজতে দক্ষিণ মদুৰাই সমষ্টিৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে ৰাইজক চন্দ্ৰলৈ নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
নিৰ্দলীয় প্ৰাৰ্থীয় কৰিলে বৃহৎ প্ৰতিশ্ৰুতি
দক্ষিণ মদুৰাই সমষ্টিৰ পৰা এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আৰ সৰ্বাননে প্ৰতিগৰাকী লোকক আইফোন,
ছুইমিংপুলসহ ৩ মহলীয়া ঘৰ, প্ৰতিটো ঘৰক বছৰত ১ কোটি টকা অংশদান,
২০ লাখ টকাৰ গাড়ী, প্ৰতিটো পৰিয়াললৈ সৰু আকৃতিৰ হেলিকপ্টাৰ, ঘৰুৱা কামৰ বাবে ৰৱট,
যুৱ উদ্যোক্তাসকলক ১ কোটি টকাৰ ফাণ্ড, দিব্যাংগসকলক প্ৰতিমাহে ১০ লাখ টকা, প্ৰতিটো পৰিয়াললৈ এখনকৈ নাও দিয়াৰ কথা ঘোষণা কৰিছে।
চন্দ্ৰলৈ ১০০ দিনৰ যাত্ৰাৰ ঘোষণা
R. Saravanan-এ ১০০ দিনৰ বাবে চন্দ্ৰলৈ যাত্ৰা, অঞ্চলসমূহ ঠাণ্ডা ৰাখিবলৈ ৩০০ ফুট উচ্চতাৰ কৃত্ৰিম বৰফেৰে ঢাকি থকা পাহাৰ, মহাকাশ অনুসন্ধান কেন্দ্ৰ আৰু ৰকেট উৎক্ষেপণ সুবিধা প্ৰদানৰ ঘোষণা কৰে।
ইয়াৰোপৰি নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে যুৱতীসকলৰ বিয়াৰ সময়ত ৮০০ গ্ৰাম সোণ প্ৰদানৰো ঘোষণা কৰে।
আৰ সৰ্বাননে কিয় কৰিলে ইমান বৃহৎ বৃহৎ ঘোষণা
আৰ সৰ্বাননৰ বৃহৎ বৃহৎ ঘোষণাৰ পোষ্টাৰ ৰাইজৰ মাজত এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
ইয়াৰ পিছত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই বৃহৎ বৃহৎ ঘোষণাৰ কাৰণ সুধিলে।
তেওঁ ক’লে যে, ‘প্ৰধান দলসমূহে শাসনত আহিবলৈ বৃহৎ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত ৰাইজক পাহৰি যায় আৰু নিজৰ প্ৰতিশ্ৰুতি পূৰণ নকৰে।
দুৰ্ভাগ্যজনক কথাটো হ’ল যে, বিনামূলীয়া বস্তুৰ লালসাত ৰাইজে পাহৰি যায়।
ৰাইজক জাগ্ৰত কৰিবলৈ এই বৃহৎ বৃহৎ ঘোষণা কৰিছো।
ক’ৰ পৰা আহিল এনেধৰণৰ আইডিয়া
যেতিয়া তেওঁক এই প্ৰশ্নটো সোধা হয় যে, তেওঁ ক’ৰ পৰা পালে এই আইডিয়া তেতিয়া তেওঁ ক’লে, প্ৰতিটো ৰাজনৈতিক দলে বিনামূলীয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আছিল আৰু মই বিচাৰিছিলো এই প্ৰতিশ্ৰুতি অন্য স্তৰলৈ লৈ যাও। তামিলনাডুৰ লোকসকলক জাগ্ৰত হ’বলৈ আহ্বান জনাইছো। বিনামূলীয়াৰ পিছে পিছে দৌৰাৰ কোনো উদ্দেশ্য নায়।
উল্লেখযোগ্য যে, তামিলনাডুত ৬ এপ্ৰিলত হ’ব ভোটদান প্ৰক্ৰিয়া।
আৰু পঢ়কঃ http://adil-hussain-wins-best-actor-title-in-digital-film-awards-2021/
Photo: Google