আজি বহাগৰ তৃতীয় দিন।সমগ্ৰ ৰাজ্যবাসীয়ে আজিৰ এই বিশেষ দিনটো তাঁত বিহু হিচাপে উদযাপন কৰে।সাঁত বিহুৰ পৰম্পৰা ৰক্ষা কৰি টীয়কৰ মুদৈজান ভৰলুৱা গাঁৱৰ একাংশ শিপিনী গোট খাই উদযাপন কৰিছে চেনেহৰ এই বিহুটি।
বিশেষকৈ গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ বাবে এই বিহুৰ তাৎপৰ্য অধিক।কিয়নো তাঁতখনতেই অসমীয়া সমাজৰ মহিলাই অনাগত দিনবোৰৰ ৰঙীণ সপোন দেখে,বিশেষকৈ বহাগৰ আগমণৰ লগে লগে আপোন জনলৈ বুলি বিহুৱান,ৰুমাল আদি নিজ হাতেৰে বৈ উপহাৰ প্ৰদান কৰে।সেয়ে এই দিনটোত এইসকল শিপিনীয়ে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পুৱাই এইদৰে গোট খাই তাঁতশাল চাফ চিকুন কৰি এগচি বন্তি ধূপ জ্বলাই অনাগতে দিনবোৰ যেন সকলোৰে কুশল মংগল হয় তাৰ কামনা কৰিছে।উল্লেখযোগ্য যে অসমীয়া সমাজত তাঁত ব’ব জনাটো মহিলাসকলৰ বাবে সৰল বুলি অভিহিত কৰি এইসকল মহিলাই নিজ হাতেৰে আজি বছৰ বছৰ ধৰি চাদৰ,গামোচা,ৰুমালকে ধৰি বিভিন্ন প্ৰয়োজনীয় বস্ত্ৰ বৈ আহিছে আৰু সময় সাপেক্ষে বজাৰলৈও উলিয়াই দিছে যদিও বৰ্তমান বজাৰত উপলব্ধ বহিৰাগত গামোচা তথা বস্ত্ৰই এইসকল পৰম্পৰা ৰক্ষা কৰা তথা তাঁতশালখনকে স্বাৱলম্বিতাৰ পথ হিচাপে লোৱা মহিলাৰ স্বাভিমানত আঘাট হানিছে সেয়ে আজিৰ এই বিশেষ দিনটোতে এই ক্ষেত্ৰত চৰকাৰৰ এক ইতিবাচক পদক্ষেপ বিচাৰিছে শিপিনীসকলে।