অসমীয়া সাংস্কৃতিক জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা তথা চিত্ৰনাট্যকাৰ তৌফিক ৰহমানৰ উপন্যাস “খলনায়ক” মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাৰ শুভেচ্ছা মূলক বাৰ্তাৰে আৰম্ভ হোৱা সভাত গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব স্বপ্ননীল বৰুৱা,বিশিষ্ট অভিনেতা যতীন বৰা, বিশিষ্ট সাংবাদিক ৰঞ্জিত হাজৰিকা, কবি নীলিম কুমাৰ আৰু মৃদুলা বৰুৱাই।
উল্লেখযোগ্য আগশাৰীৰ প্ৰকাশন পূৰ্বায়ণ প্ৰকাশনৰ উদ্যোগত আয়োজিত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি নিজৰ উন্মোচনী ভাষণত অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব বৰুৱাই তৌফিক ৰহমানৰ সৈতে গঢ়ি উঠা বন্ধুত্ব তথা মধুৰ অতীতক মনত পেলায়। সভাত উপস্থিত থাকি বিশিষ্ট কবি নীলিম কুমাৰে নিজৰেই কবিতা পাঠ কৰি সকলোকে মোহাচন্ন কৰি তোলে। নিজৰ ভাষণত সাংবাদিক ৰঞ্জিত হাজৰিকা আৰু অভিনেতা যতীন বৰাই তৌফিক ৰহমানৰ ব্যক্তিত্ব আৰু তেওঁৰ কৰ্ম নিপুণতাক শলাগ স্বীকাৰ কৰে। লেখকৰ মনৰ ভাৱ প্ৰকাশ কৰি তৌফিক ৰহমানে কয় যে প্ৰায় ৬৫ বছৰ আগৰ অপৰাধ জগতৰ কিছু বাস্তৱ শিহৰণকাৰী ঘটনাৰ পটভূমিত ৰচিত ভিন্নস্বাদৰ উপন্যাস পঢ়ি নিশ্চয় পাঠকে অনুভূতিৰ নতুন সোৱাদ পাব।