কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা মালিক, ব্যৱসায়ীক উদ্যোগ-প্ৰতিষ্ঠানৰ বিৰুদ্ধে পূৰ্ণোৎদমে চলি আছে পৰিবহণ বিভাগৰ অভিযান। শুকুৰবাৰে মহানগৰীৰ ভূতনাথ, মালিগাঁও, কামাখ্যা, ফেন্সীবজাৰ আৰু ভৰলুমুখ আদি অঞ্চলত অভিযান তীব্ৰতৰ কৰি তোলে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ অভিযানকাৰী দলে৷ অভিযানৰ সময়ত বৃহৎ কৰ ফাঁকিৰে ৰাজপথত বিনাদ্বিধাই গাড়ী চলাই থকাৰ তথ্য ধৰা পৰাত ২০খনকৈ গাড়ীৰ মালিকৰ বিৰুদ্ধে গোচৰ তৰি ই-চালান প্ৰেৰণ কৰাৰ লগতে ৩খন ব্যৱসায়িক বাহন জব্দ কৰা হয়।
ইফালে বৃহস্পতিবাৰে দশমদিনা মহানগৰীৰ খানাপাৰাৰ পৰা যোৰাবাট, সোনাপুৰ, ক্ষেত্ৰী, ন-মাইল, কিলিংৰোড, বৰ্ণিহাটহৈ মেঘালয় সীমান্তৰ যোৰবিল অঞ্চললৈকে অভিযান চলোৱা হয়। অভিযানৰ সময়ত ব্যক্তিগত মালিকানাধীন বাহনৰ লগতে বিভিন্ন নিৰ্মাণকাৰী সংস্থা, ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠানত বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল উপস্থিত হৈ অনাদায়ী কৰ আদায়ৰ বাবে আহ্বান জনাই ডিমাণ্ড নটিছ প্ৰেৰণ কৰে।
অভিযানৰ সময়ত বিগত দহ দিনত ৫ কোটিতকৈয়ো অধিক টকাৰ কৰ সংগ্ৰহৰ বিপৰীতে মহানগৰীত এতিয়াও ১০০কোটিতকৈয়ো অধিক বকেয়া কৰ দিবলৈ বাকী আছে যান-বাহনৰ মালিকে। কেবল কৰ সংগ্ৰহতে ছাৰখাৰ অভিযান সীমাবদ্ধ নাৰাখি ইয়াৰ সমান্তৰালভাৱে সজাগতা অভিযানো প্ৰতিদিনেই অব্যাহত ৰখা হৈছে। ৰাজপথত গাড়ীৰ নথিপত্ৰ পৰীক্ষা কৰাৰ পৰা উদ্যোগ-প্ৰতিষ্ঠানকে ধৰি বাহনৰ গৰাকীৰ ঘৰত বিষয়াৰ দল উপষ্ঠিত হওঁতেও প্ৰতি মুহূৰ্ততে বিভাগৰ উদ্যোগত মাইকযোগে সময়মতে কৰ আদায় দি নিজকে এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে পৰিচয় দিবলৈ আহ্বান জনায়।