ৰাজ্যত চলিছে ক’ৰোনাৰ তীব্ৰ সংক্ৰমণ।
আজি গুৱাহাটীত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে এগৰাকী শিক্ষয়িত্ৰীয়ে।
গুৱাহাটীৰ হেলথ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিক্ষয়িত্ৰী গৰাকীয়ে।
শিক্ষয়িত্ৰী গৰাকীৰ নাম হৈছে সীমা হাজাৰি ।
গুৱাহাটীৰ গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী গৰাকী।
জানিব পৰা অনুসৰি শিক্ষয়িত্ৰী গৰাকীৰ সন্তান আৰু স্বামীও ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুৰ পিছত আতংকময় পৰিবেশে বিৰাজ কৰিছে বিদ্যালয় খনত।
Photo Credit: Google