১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভণিৰ লগতে আপোনাৰ জীৱনটো কেইবাটাও নতুন পৰিৱৰ্তন আহিব।
ইয়াৰে প্ৰায়ভাগ পৰিৱৰ্তনে প্ৰভাৱ পেলাব আপোনাৰ পকেটত আৰু জীৱনত।
আমি আপোনালোকক ক’বলৈ ওলাইছো এই ১০টা পৰিৱৰ্তন যি ১ এপ্ৰিলৰ পৰা বলবৎ হ’ব আৰু এয়া আপোনাৰ বাবে যথেষ্ট প্ৰয়োজন।
১. আধাৰ কাৰ্ড পেনৰ সৈতে লিংক কৰাটো প্ৰয়োজন
PAN কাৰ্ড আৰু Aaadhaarক লিংক কৰাৰ আজি অন্তিমটো দিন।
যদি লিংক কৰা নাই তেন্তে ১ এপ্ৰিলৰ পৰা এনে পেন কাৰ্ড Inoperative হৈ যাব, অৰ্থাৎ আপুনি ইয়াৰ ব্যৱহাৰ যিকোনো বিত্তীয় কাম কৰিব নোৱাৰে।
যেনেঃ আপুনি আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব নোৱাৰে।
২. ITR ফাইল নকৰাত কঠোৰতা অৱলম্বন
নতুন বিত্তীয় বৰ্ষৰ পৰা TDS সলনি হ’ব। ১ এপ্ৰিলৰ পৰা যদি কোনো লোকে ITR ফাইল নকৰে, তেন্তে বেংকত জমা দিলে TDSৰ সুত দুগুণ বৃদ্ধি হ’ব।
ইয়াৰ অৰ্থ হ’ল যে যদি কোনো লোকে Income Tax Outgo Slab নাহে আৰু ITRয়ো ফাইল নকৰে তেন্তে TDS দুগুণ বৃদ্ধি হ’ব।
৩. পূৰ্বৰে পৰা ভৰ্তি হৈ থাকিব ITR ফৰ্ম
১ এপ্ৰিলৰ পৰা ITR ফৰ্ম যথেষ্টখিনি তথ্য পূৰ্বৰে পৰা ভৰ্তি হৈ থাকিব।
৪. ক্ৰেডিট, ডেবিট কাৰ্ড অটো পেমেণ্টত সমস্যা
১ এপ্ৰিলৰ পৰা আপুনি মোবাইল, বিদ্যুতৰ, ইউলিটী বিলৰ অটো পেমেণ্টত সমস্যা আহিব পাৰে।
OTT Subcriptionয়ো বিফল হ’ব পাৰে।
কাৰণ ৩১ মাৰ্চৰ পৰা ৰিজাৰ্ভ বেংকৰ Additional Factor Authenticationৰ বাবে নতুন গাইডলাইঞ্চ বলবৎ কৰাৰ ডেডলাইন হয়।
৫. PMAYত Subsidy বন্ধ হ’ব!
প্ৰধানমন্ত্ৰী আৱাস যোজনা(PMAY)ৰ আধাৰত ২০২১ৰ ৩১ মাৰ্চৰ পিছত মিডিল ইনকাম গ্ৰুপ(MIG)য়ে নতুন ঘৰ ক্ৰয় কৰিলে Subsidy নাপাব।
এই আঁচনিত বছৰি ৬ লাখৰ পৰা ১৮ লাখ উপাৰ্জন কৰাসকলক MIG কেটেগৰীত ৰখা হ’ব।
৬. নতুন ৱেজ কোড বলবৎ হোৱাৰ সম্ভাৱনা
শ্ৰম মন্ত্ৰালয়ৰ (New Wage Code)ক লৈ আজিকালি সংবাদমাধ্যমত যথেষ্ট খবৰ বিয়পি আছে।
১ এপ্ৰিলৰ পৰা New Wage Code বলবৎ হ’ব।
নতুন ৱেজ কোডত নিয়ম কৰা হৈছে যে, যিকোনো কাৰ্মচাৰীৰ বেছিক ছেলেৰী CTCৰ পৰা ৫০ শতাংশতকৈ কম হ’ব নোৱাৰে।
৭. PF পোৱাৰ সুতত কৰ
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত PF বিনিয়োগত কৰৰ ঘোষণা কৰিছিল।
এই নিয়মৰ আধাৰত PFত ২.৫ লাখ টকাৰ বিনিয়োগত যি সুত লাভ কৰিব তাত কোনোধৰণৰ টেক্স নালাগে, কিন্তু বেছি হ’লে ভৰিব লাগিব কৰ।
৮. গাড়ীত Dual air bags প্ৰয়োজন
১ এপ্ৰিলৰ পৰা বাহনত নতুন Safety standard বলবৎ হ’ব।
এতিয়াৰে পৰা বাহনসমূহত চালকৰ ছীটৰ লগতে সন্মুখত বহা আনজন যাত্ৰীৰো লাগিব air bags।
৯. বেংকত IFSC কোড আৰু চেকবুক সলনি হ’ব
১ এপ্ৰিলৰ পৰা ৮টা বংকৰ চেকবুক সলনি হ’ব।
যদি আপোনাৰো এই বেংককেইটাৰ ভিতৰত এটা তেন্তে চেকবুকৰ বাবে এপলিকেচন প্ৰদান কৰক।
Dena Bank আৰু Vijaya Bankৰ একীকৰণ Bank of Barodaত কৰা হৈছে।
Oriental Bank of Commerce আৰু UBIৰ একীকৰণ PNBত কৰা হৈছে।
Syndicate Bankৰ Canara Bankত, Andhra Bank আৰু Corporation Bankৰ একীকৰণ Union Bank of Indiaত কৰা হৈছে। ইফালে Allahabad Bankৰ একীকৰণ কৰা হৈছে Indian Bankত।
১০. মূল্যবৃ্দ্ধিৰ বাবে নতুন টাৰ্গেট নিৰ্ধাৰণ
Photo: Google