• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম

নিউজ ডেস্ক by নিউজ ডেস্ক
December 21, 2022
in সংবাদ, অসম, ক্ৰাইম
1 min read
0
তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম
Share on FacebookShare on Twitter

এজন কলেজীয়া ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম। তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অ’ চি চৰণ মোহন সিং চেতিয়াই এগৰাকী কলেজীয়া ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত হৈ পৰে মাকুম চহৰ।

উল্লেখ্য যে, তিনিচুকীয়া মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ তথা ন-মতাপুং গাঁৱৰ বাসিন্দা ৰাজেন মৰাণৰ পুত্ৰ দীপু মৰাণে (২১) কালি বিয়লি কলেজৰ পৰা ঘৰলৈ উভতাৰ পথত মাকুম থানাৰ সমীপত এগৰাকী যুৱতীৰ সৈতে প্ৰেমজনিত কাৰণত বাক-বিতণ্ডাত লিপ্ত হৈছিল। বিষয়টো এগৰাকী কৰ্তব্যৰত যান-বাহন আৰক্ষী জোৱানে প্ৰত্যক্ষ কৰি মীমাংসাৰ হেতু দুয়োকে থানালৈ লৈ যায় আৰু পৰৱৰ্তী সময়ত ছোৱালীজনীৰ মাতৃৰ লগতে দীপুৰ ৰোগীয়া মাতৃও থানাত উপস্থিত হৈ বিষয়টো আপোচ মীমাংসাৰে নিষ্পত্তি কৰিবলৈ আলোচনাত মিলিত হয়।

সেই সময়তে থানাত উপস্থিত হয়হি অ’ চি চৰণ মোহন সিং চেতিয়া। তেওঁ অন্য কোনো কথাৰ অৱতাৰণা নকৰি সকলোৰে সন্মুখতে ছাত্ৰজনক উদ্দেশ্যি ‘ইয়াত দাদাগিৰি দেখুৱাব আহিছ’, ‘মই মাকুমত থকালৈকে কোনো ল’ৰাই দাদাগিৰি দেখুৱাব নোৱাৰিব’, ‘তই কি হিৰ’ নেকি’ বুলি অভব্য আচৰণ কৰি এগৰাকী আৰক্ষীৰ সহযোগত দীপুক টানি-আজুৰি তথা চোঁচৰাই থানাৰ ভিতৰলৈ লৈ যায় আৰু দীপুক তেওঁৰ নিজা কোঠাত সোমোৱাই মাতৃ আৰু অন্যান্যসকলৰ সন্মুখতে চৰ, গোৰ, ঘোচাৰে নিৰ্মমভাৱে অত্যাচাৰ চলোৱাৰ লগতে নিজৰ চাৰ্ভিচ পিষ্টলেৰে ছাত্ৰজনৰ মূৰত আক্ৰমণ কৰাত অচেতন হৈ পকী মজিয়াত ঢলি পৰে দীপু। 

ততাতৈয়াকৈ ছাত্ৰজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ পিছত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান ছা্ত্ৰজন সংকটমুক্ত বুলি জানিব পৰা গৈছে। ইফালে কোনো ধৰণৰ বাচ-বিচাৰ নকৰাকৈ কলেজীয়া ছাত্ৰজনক মাকুম থানাৰ অ’ চি চৰণ মোহন সিং চেতিয়াই নিৰ্মমভাৱে অত্যাচাৰ চলোৱাৰ প্ৰতিবাদত আজি পুৱা বাৰেকুৰি অঞ্চলৰ ভালেসংখ্যক পুৰুষ-মহিলা ওলাই আহি মাকুম চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰে ।

অৱৰোধ থলীত সমবেত হয় বাৰেকুৰি আঞ্চলিক যুৱ সংঘ, মাকুম আঞ্চলিক ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, যুৱ ছাত্ৰ-পৰিষদ, বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ কৰ্মকৰ্তা। সকলোৱে অ’ চি চৰণ মোহন সিং চেতিয়াৰ নিলম্বনৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে। ৰক্ষকেই ভক্ষকৰ ৰূপ লোৱা অ’ চি চেতিয়াক মাকুমৰ পৰা লৈ যাবলৈ আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষক দাবী জনায়। অৱৰোধ থলীত তিনিচুকীয়া আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য বৰা উপস্থিত হোৱাত সংগঠন কেইটাই প্ৰস্তুত কৰা এক দাবীসম্বলিত স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

বিষয়টোৰ সন্দৰ্ভত উপ-আৰক্ষী অধীক্ষক বৰাই তদন্ত অব্যাহত আছে, তদন্তৰ শেষত কি ব্যৱস্থা ল’ব লাগে সেয়া আৰক্ষী অধীক্ষকে ল’ব বুলি জানিবলৈ দি অ’ চি চেতিয়াক কাইলৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া বুলি সদৰি কৰে। স্মৰ্তব্য যে অ’ চি চৰণ মোহন সিং চেতিয়াই কেইদিনমানৰ পূৰ্বেহে মাকুম থানাত যোগদান কৰিছিল।

Previous Post

অপৰাধমূলক ঘটনাক লৈ মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল

Next Post

মণিপুৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ নিহত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

মণিপুৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত কেইবাজনো ছাত্ৰ নিহত

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বিধান সভাৰ চৌহদৰ পৰা চুৰি বিলাসী গাড়ী!

বিধান সভাৰ চৌহদৰ পৰা চুৰি বিলাসী গাড়ী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8