ইৰাকৰ ৰাজধানী বাগদাদত ক’ৰোনা ৰোগীৰ চিকিৎসা চলাই থকা এখন হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড।
এই অগ্নিকাণ্ড অক্সিজেনৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ বাবে সংঘটিত হয়।
শনিবাৰে মাজনিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
ঘটনাটোত ৮২ গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ লগত ১১০ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।
ইৰাকৰ বিষয়াই জনোৱা অনুসৰি অগ্নি নিৰ্বাপক বাহিনীয়ে ইব্ৰ অল-খাতিব হাস্পতালত সংঘটিত হোৱা এই অগ্নিকাণ্ডক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ৰোগীসকলক বাহিৰলৈ ওলাই আনে।
কিন্তু হাস্পতালৰ ICUত থকা ক’ৰোনা ৰোগীসকলক বাহিৰলৈ ওলাই আনিবলৈ সক্ষম নহ’ল।
ঘটনাস্থলীত উপস্থিত ড০ সবা অল-কুজেই ক’লে যে, তেওঁ জনা নাছিল যে কিমান জন লোকৰ মৃত্যু হৈছে,
হাস্পতালৰ কেইবাটাও স্থানত অগ্নিদগ্ধ অৱস্থাত মৃতদেহ পৰি আছিল।
ইৰাকৰ আন্তৰিক সুৰক্ষা মন্ত্ৰালয়ৰ অনুসৰি, ৮২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।
প্ৰধানমন্ত্ৰী মুস্তফা অল কাদিমীয়ে বাগদাদ স্বাস্থ্য বিভাগত অল-ৰুছফা ক্ষেত্ৰৰ বাবে নিযুক্ত মহা নিৰ্দেশক আৰু হাস্পতালৰ নিৰ্দেশকো পদৰ পৰা আঁতৰাই দিয়া হৈছে।
স্বাস্থ্য মন্ত্ৰালয়ে ক’লে যে, অগ্নিকাণ্ডৰ ঘটনাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাগদাদত আপাতকালীন বৈঠক অনুষ্ঠিত কৰে।
ইয়াত ইৰাকী সুৰক্ষা বিষয়াসকলেও অংশগ্ৰহণ কৰে।
বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে যে, দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
দায়িত্ব জ্ঞানহীন ভুল হ’ব নোৱাৰে, এয়া অপৰাধ, ইয়াৰ বাবে সকলো দায়ী।
কাদিমীয়ে বিষয়াসকলক ২৪ ঘণ্টাত ঘটনাটোৰ তদন্ত কৰি ৰিপৰ্ট দিবলৈ কয়।
প্ৰায় এটা চিলিণ্ডাৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
Photo: Google