ৰাজ্যজুৰি সাব্যস্ত হ’ব টেট শিক্ষকৰ প্ৰতিবা । প্ৰায় ৪০ হাজাৰ প্ৰাথমিক টেট শিক্ষকে পহিলা ফেব্ৰুৱাৰীৰ দিনা ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব । উল্লেখ্য যে, টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলে কেইবাটাও দাবীৰে শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে এই আন্দোলন কৰিব । সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত এক সংবাদমেলত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এই কথা ঘোষণা কৰে ।
সোমবাৰে সংবাদমেল সম্বোধন কৰি সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে কয় যে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত নিযুক্তিপ্ৰাপ্ত সৰ্বশিক্ষাৰ অন্তৰ্গত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলক ২০১৩ চনৰ পৰা দৰমহা প্ৰদান কৰা হৈছিল । ইয়াৰ পাছত পুনৰ ২০২০ চনৰ ১ জুলাইত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্যপালে এক নিৰ্দেশনা প্ৰকাশ কৰিছিল । কিন্তু শিক্ষা বিভাগ তথা সৰ্বশিক্ষাই ৰাজ্যপালৰ নিৰ্দেশনা ভংগ কৰিছে ।
ৰাজ্যৰ সৰ্বশিক্ষাৰ অধীনৰ টেট উত্তীৰ্ণ শিক্ষকসকলে বৰ্ধিত মৰগীয়া বানচ, বকেয়া, মেডিকেল ৰিম্বাৰ্চমেন্টৰ সুবিধা, বেংক লোণৰ সুবিধা লাভ কৰিব লাগে কিন্তু এই সুবিধাসমূহ চৰকাৰে প্ৰদান কৰা নাই । বিভাগ তথা বিভাগীয় মন্ত্ৰীৰ অৱহেলাৰ বাবে শিক্ষকসকলে আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে ।