একেদিনাই বিবাহত বহিল ১৯৯ যোৰা দৰা-কইনা! হয়, অসমৰ, ধেমাজি জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ’ হান্স ফাউণ্ডেশ্যনৰ সহযোগত ধেমাজি কছাৰী পথাৰ হিলৈপৰা অঞ্চলৰ হিলৈপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত মঙলবাৰে সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ এই সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠানত মুঠ ১৯৯ যোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন হয় । সম্পূৰ্ণ বৈদিক ৰীতি-নীতিয়ে বিবাহ সংস্কাৰ সম্পূৰ্ণ কৰে।
বিবাহ অনুষ্ঠানতমুখ্য অতিথি হিচাপে উপস্থিত থাকি দৰা- কইনাক আশিস দিয়ে শ্ৰীশ্ৰী গড়মুৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে।