মৰবী নদীত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাটোক ‘ভগৱানৰ ইচ্ছা’ আখ্যা দিলে অৰেভা কোম্পানীৰ মেনেজাৰে। মেনেজাৰ গৰাকীৰ এনে টুলুঙা মন্তব্যৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। ওলমা দলং খনৰ পুনৰ্নিমাণৰ দ্বায়িত্বত থকা প্ৰতিষ্ঠানটিৰ মেনেজাৰে দিয়া এই মন্তব্যই যেন উপলুঙা কৰিছে সমগ্ৰ দেশৰ ন্যায় ব্যৱস্থাটোকে।
উল্লেখ্য যে, অক্টোবৰৰ ৩১ তাৰিখে গুজৰাটৰ মৰবী নদীৰ ওপৰত সংঘটিত হৈছিল এক ভয়াৱহ দুৰ্ঘটনা। পুনৰ্নিমাণৰ অন্তত জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ ৫ দিন পাছতেই অত্যাধিক বোজা আৰু কিছু লোকৰ অসাৱধানতাৰ ফলত ভাঙি পৰিছিল দলং খন। প্ৰায় ১৫০ ৰো অধিক লোকৰ মৃত্যু হোৱা এই শোকাৱহ ঘটনাটোৰ পাছত পোহৰলৈ আহিছিল বহু ভয়ংকৰ তথ্য।
এটি ঘড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানক বিনা চৰকাৰী টেণ্ডাৰত দলং এখন পুনৰ্নিমাণৰ দ্বায়িত্ব কি দৰে দিয়া হৈছিল বুলি চৰকাৰক প্ৰশ্ন কৰিছে বিৰোধী দল তথা ভুক্তভোগী পৰিয়ালে।