NIA ৰ সকলো গোচৰৰ পৰা দোষমুক্ত হৈছে অখিল গগৈ।
প্ৰায় ডেৰ বছৰ কাল কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজন আজি চানমাৰি থানাৰ গোচৰতো দোষমুক্ত হৈছে।
গগৈৰ উপৰিও NIA ৰ গোচৰত দোষমুক্ত হ’ল
ধৈয্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰ।
ফলত শীঘ্ৰেই মুকলি আকাশৰ তললৈ অখিল গগৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
বৃহস্পতিবাৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে তেওঁ।।
উল্লেখ্য যে কাৰাগাৰৰ পৰাই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল গগৈ।