দেশৰ সাম্প্রতিক ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ডক স্থায়ী একাউণ্ট নম্বৰ (পেন)ৰ সৈতে সংযোগ কৰাৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰিছে। পূৰ্বে, ইয়াৰ সময়সীমা চলিত বৰ্ষৰ ৩১ মাৰ্চ তাৰিখলৈ আছিল যদিও ক’ভিড-১৯ সৃষ্ট পৰিস্থিতিৰ কথা বিবেচনা কৰি উক্ত সময়সীমাৰ দিন সম্প্ৰসাৰিত কৰা হৈছে।
কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (চি বি ডি টি) এক চৰকাৰী জাননী যোগে কয় যে, “যিকোনো ব্যক্তিয়ে আধাৰ কাৰ্ডৰ সৈতে পেন সংযোগ কৰাত বিফল হ’লে, ইয়াৰ ফলাফল অকাৰ্যকৰী হৈ পৰিব”। অৱশ্যে, পৰিষদে এইটো স্পষ্ট কৰি দিয়ে যে, “যদি ব্যৱহাৰকাৰীসকলে সময়সীমা পাৰ হোৱাৰ পিছত তেওঁলোকৰ পেনকাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰে, তেন্তে পেন কাৰ্ডখন ‘আধাৰ কাৰ্ড’ প্ৰযোজ্য হোৱা তাৰিখৰ পৰা কাৰ্যকৰী হ’ব।”
আয়কৰ আইন, ১৯৬১-ত ২৩৪ এইচ-ৰ এক নতুন ধাৰা অনুসৰি, যদি সময়সীমাৰ দিন উকলি যোৱাৰ পিছত এখন পেন কাৰ্ড আধাৰৰ সৈতে সংযুক্ত নহয়, তেন্তে ইয়াৰ ওপৰত জৰিমনা আৰোপ কৰা হ’ব। নতুন নিয়ম অনুসৰি, যদি ১ জুলাই, ২০২১ তাৰিখে বা তাৰ পিছত পেন আৰু আধাৰ কাৰ্ড সংযোজিত কৰা হয়, তেনেহ’লে ব্যক্তিজনে ১,০০০ টকাৰ অধিক জৰিমনা পৰিশোধ কৰিবলৈ দায়বদ্ধ হ’ব।
আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সংযোগ কৰাৰ অনলাইন পদক্ষেপবোৰ হ’ল-
১. পেন আৰু আধাৰ কাৰ্ড সংযোগ কৰিবলৈ, কৰ দাতাসকলে প্ৰথমে আয়কৰ ই-ফাইলিং পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব।
২. লগ-ইন আইডি, পাছৱৰ্ড আৰু জন্ম তাৰিখ সন্নিৱিষ্ট কৰি আয়কৰ বিভাগৰ ই-ফাইলিং পৰ্টেলত লগ ইন কৰিব লাগিব।
৩. বিৱৰণসমূহ পূৰ্ণ কৰাৰ পিছত, এটা কোড (Code) খুৱাব লাগিব।
৪. ৱেবছাইটত লগ ইন কৰাৰ পিছত, এটা পপ আপ উইণ্ডো (Pop-Up Window) ওলাব, যাৰ ফলত পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব পাৰিব।
৫. যদি নহয়, তেন্তে পুনৰাই প্ৰ’ফাইল ছেটিংলৈ গৈ “আধাৰ লিংক কৰক” বুটামটো বাছনি কৰিব পাৰে।
৬. নাম, জন্ম তাৰিখ আৰু লিংগৰ দৰে বিৱৰণত পূৰ্ণ কৰিব লাগিব।
৭. ইয়াৰ পিছত আধাৰ কাৰ্ডত উল্লেখ কৰা বিৱৰণবোৰৰ সৈতে স্ক্ৰীণত থকা বিৱৰণবোৰ পৰীক্ষা কৰক।
৮. যদি বিৱৰণসমূহ মিলি থাকে তেন্তে আধাৰ কাৰ্ড নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব আৰু “এতিয়া লিংক কৰক” বুটামত ক্লিক কৰিব লাগিব।
৯. শেষত এটা বাৰ্তা আহিব, য’ত আধাৰ কাৰ্ড সফলতাৰে পেন কাৰ্ডৰ সৈতে সংযোগ হোৱা বুলি উল্লেখ কৰা হ’ব।