বিশাল ধৰ্মীয় শোভাযাত্ৰাৰে শনিবাৰৰ পৰা আজাৰা ওজাপাৰা -লাপাতুলস্থিত শ্ৰী শ্ৰী কালী মন্দিৰৰ হীৰক জয়ন্তী বৰ্ষৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দীনেশ দাসে শোভাযাত্ৰাটো উদ্বোধন কৰে। শোভাযাত্ৰাত বেণ্ড -ঢুলীয়া,নাগাৰা নাম,আয়তী, বিহু দলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে উদযাপন সমিতিৰ সভাপতি মুকুল কলিতাই হীৰক জয়ন্তী বৰ্ষৰ মূল পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে ক্ৰমে স্মৃতি তৰ্পণ কৰে জগত চন্দ্ৰ মেধি আৰু বৃক্ষৰোপণ কৰে গাঁও প্ৰধান ধৰণীধৰ দাসে। সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে ঘট বুৰোৱা আৰু পূজা আৰম্ভ কৰা হয়।
অনুষ্ঠানৰ পিচতে দুপৰীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰিব খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিচালন সঞ্চালক দিগন্ত দাসে। আবেলিৰ ধৰ্মালোচনী সভাত আলোচক হিচাপে উপস্থিত থাকিব পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড: বলেন্দ্ৰ কুমাৰ দাস আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী। সন্ধিয়া মহিলাৰ ঘোষা নাম। শেষৰ দিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰিব ৰাতুল চন্দ্ৰ দাসে।।