অসম বিধানসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা এক মন্তব্যই এতিয়া চৰকাৰী চাকৰিয়ালসকলৰ বাবে কঢ়িয়াই আনিছে দুঃখবৰ। এতিয়াৰে পৰা জিলা উপায়ুক্তৰ অনুমতি অবিহনে কোনো চৰকাৰী চাকৰিয়ালে জিলা এৰিব নোৱাৰিব। যদি কোনো লোকৰ চাকৰি দৰং জিলাত হয় তেনে সেই চাকৰিয়াল জন গুৱাহাটীত থাকিব নোৱাৰিব। দৰং জিলাত দিনৰ ভাগত চাকৰি কৰি সন্ধিয়া গুৱাহাটীলৈ আহিব নোৱাৰিব। এনে কৰিলে চাকৰিয়ালজনৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা।
এই সংক্ৰান্তত কোনো লোকে যদি এটা সৰু ভিডিঅ’ বনাই সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে তেনে এই নিয়ম ভংগ কৰা চাকৰিয়ালৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা। অসম বিধানসভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৰা এই মন্তব্যই এতিয়া ৰাজ্যৰ চাকৰিয়ালসকলক যে অসন্তুষ্ট কৰি তুলিব সেয়া প্ৰায় নিশ্চিত।