বলিউডৰ চুপাৰ ষ্টাৰ আমিৰ খানে লৈছে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত।কিৰন ৰাওঁৰ সৈতে ১৫ বছৰীয়া যুগ্ম জীৱনৰ অৱসান ঘটাই এক নতুন জীৱন আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁ। এই সম্পৰ্কে তেখেতে চ’ছিয়েল মিডিয়া যোগে অনুৰাগীসকলক অৱগত কৰে। যুগ্ম জীৱনৰ ভাল লগা মুহূৰ্তৰ স্মৃতিও ৰোমন্থন কৰে অভিনেতাগৰাকীয়ে।অৱশ্যে বিবাহ বিচ্ছেদ হ’লেও তেওঁলোকে একেলগে আগন্তুক সময়ত কাম কৰাৰ লগতে পুত্ৰ আজাদৰ অভিভাৱক হিচাপে সকলো দায়িত্ব পালন কৰিব।